অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্রীয় সমিতিৰ বৰ্দ্ধিত কার্যনির্বাহক সভা

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্রীয় সমিতিৰ বৰ্দ্ধিত কার্যনির্বাহক সভা

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ উজানবজাৰৰ বিষ্ণু নিৰ্মলা ভৱনৰ সভা কক্ষত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্রীয় সমিতিৰ বৰ্দ্ধিত কার্যনির্বাহক সভা অনুষ্ঠিত হয়।উক্ত সভাখন পৰিচালনা কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্রীয় সমিতিৰ সভাপতি পলাশ চাংমায়ে। সভাত উপস্থিত থাকে পৰিষদৰ উপদেষ্টা ৰানা প্ৰতাপ বৰুৱা, সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই, পৰিষদৰ কামৰূপ মহানগৰ জিলা কমিটীৰ সভাপতি সঞ্জীৱ ৰায় চৌধুৰী, সাধাৰণ সম্পাদক সুকুমাৰ বৰ্মনকে আদি কৰি পৰিষদৰ প্ৰায় ১৪০ জনমান সদস্য-সদস্যা উপস্থিত থাকে। সভাত আগন্তুক দিনবোৰত সংগঠন অধিক শক্তিশালী কৰাৰ লগতে সাংগঠনিক দিশ টনকিয়াল কৰাৰ ওপৰত আলোচনা কৰে।আজি বিষ্ণু নিৰ্মলা ভৱনত অনুস্থিত হোৱা বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অসমীয়া সাদিন প্ৰতিদিন গোষ্ঠীৰ পৰিচালন সঞ্চালক জয়ন্ত বৰুৱাক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। হেমকোষৰ ব্ৰেইলি সংস্কৰণৰ দ্বাৰা গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হোৱা জয়ন্ত বৰুৱাক আন্তৰিক অভিনন্দন জনোৱা হয়।