অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমস্যা সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমস্যা সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কামৰূপ মহানগৰ জিলা সমিতিৰ তৰফৰ পৰা এটা ৫ জনীয়া সজাতি দলে আজি সমস্যা সন্দৰ্ভত অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷পৰিষদৰ সভাপতি সঞ্জীৱ ৰায় চৌধুৰী আৰু সাধাৰণ সম্পাদক সুকুমাৰ বৰ্মন আদিৰ নেতৃত্বত অত্যধিক বিদ্যুতৰ মাছুল বৃদ্ধিৰ তীব্ৰ বিৰোধীতা কৰাৰ লগতে পে’ট্ৰল-ডিজেল, ৰন্ধন গেছ আদিকে ধৰি নৃত্য ব্যৱহাৰ্য্য অত্যৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি হ্ৰাস কৰা দাবীত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ত উপস্থিত হৈ অতিৰিক্ত উপায়ুক্তক এখন দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে৷