অসম আৰক্ষী সচাকৈ স্মাৰ্টনে ?
বিভিন্ন সময়ত প্ৰশাসন আৰু গৃহ বিভাগৰ ফালৰ পৰা দাবী কৰি অহা হৈছে যে অসম আৰক্ষী পূৰ্বৰ তুলনাত যথেষ্ট উন্নীত হৈছে। বৰ্তমানৰ অসম আৰক্ষী স্মাৰ্ট আৰক্ষী। বৰ্তমান অসম আৰক্ষী সকলো দিশৰ পৰা উন্নত। কিন্তু পুলিচ প্ৰশাসনৰ এই দাবীৰ বিপৰীতে কাৰ্য্য ক্ষেত্ৰত আমি অন্য এক ছবিহে দেখিবলৈ পাওঁ। কেতিয়াবা যদি দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হৈ আৰক্ষীয়ে সংবাদ শিৰোনামা দখল কৰে আকৌ কেতিয়াবা সুৰাৰ ৰাগীত মতলীয়া হৈ আৰক্ষীয়ে নিজৰ কৰ্তব্য পাহৰি গৈ সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰে। ইয়াৰ উপৰিও বিভিন্ন সময়ত পুলিচৰ নিষ্ক্ৰিয়তাৰ বাবে কিছুমান অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ প্ৰায়ে উত্থাপন হোৱা দেখা যায়। সমগ্ৰ ৰাজ্য জোকাৰি যোৱা অৰ্ণমাই বৰা হত্যাকাণ্ডৰ ঘটনাৰ অতি ক্ষিপ্ৰতাৰে তদন্ত কৰি আদালতৰ মজিয়াত পুলিচ প্ৰশাসনে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ বাবে যি ভূমিকা গ্ৰহণ কৰিছিল সেই পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছিল। কিন্তু যেতিয়া নিম্ন আদালতৰ পৰা গোচৰটো উচ্চ ন্যায়ালয়ৰ মজিয়ালৈ গল তেতিয়া সকলো দৃশ্যপট সলনি হৈ পৰিল। উচ্চ ন্যায়ালয়ৰ মজিয়াত এই গোচৰত মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা দোষীৰ শাস্তি হ্ৰাস কৰি কেৱল তিনিবছৰৰ কাৰাদণ্ডদ প্ৰদান কৰা হয়। উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছত ৰাজ্যত তোলপাৰ লাগে। ইয়াৰ পিছতে আৰক্ষী আয়ুক্তই তাৎক্ষণিক মন্তব্য প্ৰদান কৰি কয় যে তদন্তকাৰী বিষয়াই অভিযুক্তৰ বিৰুদ্ধে উপযুক্ত ধৰা সন্নিবিষ্ট নকৰা বাবেহে আচলতে এনে ঘটনা সংঘটিত হবলৈ পালে। ইয়াৰ উপৰিও পুথিভঁৰাল সঞ্চালকালয়ৰ এটা দুৰ্নীতিৰ গোচৰতো পুলিচে পাহৰিলে প্ৰয়োজনীয় ধৰা সন্নিবিষ্ট কৰিবলৈ। বৰ্তমান ৰাইজৰ ধন আত্মসাত কৰা বুলি অভিযোগ উঠা অভিযুক্তই বৰ্তমান জামিত মুকলি আকাশৰ তলত ঘূৰি আছে। এইয়া মাথোঁ উদাহৰণ হে যদি আমি বিচাৰিবলৈ যাওঁ তেনেহলে হয়তো এনেকুৱা আৰু অধিক আসোঁৱাহ বিচাৰি পাম। এনেবোৰ ঘটনা পোহৰলৈ অহাৰ পিছত কেনেকৈ বিশ্বাস কৰিব যে অসম আৰক্ষীৰ আধুনিকীকৰণ হৈছে অথবা অসম আৰক্ষী স্মাৰ্ট বুলি ? এনেবোৰ ঘটনাৰ পৰা সাধাৰণ ৰাইজৰ মনত উত্থাপিত হোৱা কেইটামান প্ৰশ্ন হল এইয়া পুলিচ অথবা তদন্তকাৰী বিষয়াৰ হেমাহি নেকি ? নে এইয়া পুলিচ অথবা তদন্তকাৰী বিষয়াই তদন্তত কৰা গাফিলতিৰ প্ৰতিফলন ? নে এইয়া পুলিচ অথবা তদন্তকাৰী ববিষয়াৰ অজ্ঞতা ? যদি সচাকৈ এনেবোৰ ঘটনা তদন্তকাৰী বিষয়াৰ হেমাহি অথবা গাফিলতিৰ পৰিপ্ৰেক্ষিতত সংঘটিত হৈছে তেনেহলে গৃহ বিভাগে তেনেকুৱা বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবনে ? আৰু যদি এইয়া অজ্ঞতা তেনেহলে বিষয়া সকলৰ যোগ্যতা আৰু প্ৰশিক্ষণৰ ওপৰত মানুহে প্ৰশ্ন উত্থাপন কৰিব। যদি একোটা স্পৰ্শকাতৰ ঘটনাৰ তদন্তৰ ক্ষেত্ৰতে এনেকুৱা ধৰণৰ আসোঁৱাহ ৰৈ যায় তেনেহলে সাধাৰণ জনতাই পুলিচৰ ওপৰত কিদৰে বিশ্বাস কৰিব ? নিজৰ ভুল স্বীকাৰ কৰা অসম পুলিচে যদি কেৱল মন্তব্য প্ৰদান কৰিয়ে নিজৰ দায়িত্ব সামৰে তেনেহলে নিশ্চিতভাৱে আগন্তক দিনবোৰটো আমি এনেকুৱা ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি হোৱা দেখিবলৈ পাম। যদি অসম পুলিচক প্ৰকৃতাৰ্থত স্মাৰ্ট আৰু আধুনিকীকৰণ কৰা হয় আৰু সকলো বিষয়াকে নিজৰ নিজৰ দায়িত্বৰ প্ৰতি দায়িত্বশীল হোৱাৰ বাবে বাধ্য কৰে তেনেহলে হয়তো সাধাৰণ জনতাৰ মনত পুলিচৰ প্ৰতি থকা অবিশ্বাসৰ ভাব চিৰদিনৰ বাবে নোহোৱা হৈ যাব। যদি ভুলবোৰৰ পৰা শিক্ষা নলৈ কেৱল কথা আৰু ভাষণৰ মাজতে অসম পুলিচক স্মাৰ্ট আৰু আধুনিকীকৰণ কৰি ৰাখে তেনেহলে কাৰ্যক্ষেত্ৰত সেইয়া ফোঁপোলা স্বৰূপ বুলি বহুত বেছি দিনলৈ কোনেও ঢাকি ৰাখিব নোৱাৰিব।
দেবর্ষি গৌতম
বনগাঁও