অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক

অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰত্যেক বছৰৰ দৰে এইবাৰো গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত দেশৰ ৰাষ্ট্ৰপতিয়ে আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা, সংশোধনমূলক সেৱাসমূহৰ বাবে ঘোষণা কৰিছে আৰক্ষীৰ বিভিন্ন পদক।অসমৰ ২৫গৰাকী আৰক্ষী বিষয়া-জোৱানে  বিশেষ সেৱা আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্রালয়ৰ পৰা পদক লাভ কৰি স্বীকৃতি লাভ কৰিছে । ইয়াৰ মাজত আছে অগ্নিনির্বাপক জোৱান আৰু গৃহৰক্ষীও। বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰপদক লাভ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱাই।আনহাতে উৎকৃষ্ট সেৱাৰ বাবে পদক লাভ কৰিছে ৰাজ্যৰ মুঠ ২৪ গৰাকী বিষয়া-জোৱানে। ইয়াৰ ভিতৰত আৰক্ষী সেৱাত পদক লাভ কৰা ১৪ গৰাকী ব্যক্তি হৈছে মহাপৰিদৰ্শক ৰফিউল আলম লস্কৰ, প্লাটুন কমাণ্ডাৰ প্ৰশান্ত হাতীবৰুৱা, উপ-আৰক্ষী অধীক্ষক উপেন কলিতা, উপ-পৰিদৰ্শক খগেন্দ্ৰ ৰয়, চিত্রমোহন ৰাভা, বিবেকানন্দ শৰ্মা, সহকাৰী উপ-পৰিদৰ্শক হেমেন ভূঞা, বিষ্ণু প্ৰসাদ ছেত্রী, পৰিদৰ্শক বালুৰাম চাউদাং, হাবিলদাৰ হেৰম্ব নাথ, হেড কনিষ্টবল দীপক কাকতি, শংকু চৌধুৰী, নায়ক বাপধন ৰাজবংশী আৰু কনিষ্টবল গজেন মৰাণ। আনহাতে অগ্নিনির্বাপক সেৱাত বিশিষ্ট সেৱা আগবঢ়োৱাৰ বাবে পদক লাভ কৰা ব্যক্তিসকল হ’ল- গাড়ীচালক জয়ৰাম বড়ো, উপ-বিষয়া যতীন্দ্র নাথ কলিতা, কেশৱ চন্দ্ৰ কলিতা, ষ্টেচন বিষয়া নাছিদ আলী, বিপুল কলিতা, প্রবীণ চন্দ্র দাস আৰু স্কোৱাড কমাণ্ডাৰ গণেশ ডেকা। একেদৰে গৃহৰক্ষী তথা অসামৰিক প্ৰতিৰক্ষাত বিশিষ্ট সেৱাৰ বাবে পদক লাভ কৰিছে প্লাটুন কমাণ্ডাৰ ভুবন কলিতা, অসামৰিক প্ৰতিৰক্ষা স্বেচ্ছাসেৱক উৎপল ঘোষ আৰু দীপাংকৰ বৰগোহাঁয়ে। উল্লেখ্য যে এই বছৰ সাহসিকতাৰ বাবে পদক লাভ কৰিছে দেশৰ ৯৫জন বিষয়া-জোৱানে। সেইদৰে বিশিষ্ট সেৱাৰ বাবে ১০১জনে ৰাষ্ট্ৰপতিৰ পদক আৰু ৭৪৬জনে বিশিষ্ট সেৱা পদক লাভ কৰিছে।