অসম আৰক্ষীয়ে এতিয়ালৈ ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰাটো দুৰ্ভাগ্যজনক: ৰিপুণ বৰা

অসম আৰক্ষীয়ে এতিয়ালৈ ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰাটো দুৰ্ভাগ্যজনক: ৰিপুণ বৰা

ৰঙিলী বাৰ্ত্তাসেৱা-  শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মিঞা সম্প্ৰদায়ৰ বিৰুদ্ধে আগবঢ়োৱা মন্তব্যই সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি এই সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবীত সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা।অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত সভাপতি বৰাই কয়,’শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমীয়া যুৱকসকল উঠি আহিলে গুৱাহাটী মহানগৰীৰ পৰা এবছৰৰ ভিতৰত মিঞাসকলক সম্পূৰ্ণৰূপে চাফাই কৰিব বুলি আগবঢ়োৱা মন্তব্যক লৈ ব্যাপক প্ৰতিক্ৰিয়া হোৱা আমি লক্ষ্য কৰিছো। ড° শৰ্মাই লগতে মিঞাসকলে বাছ, ওলা, উবেৰ, টেক্সী চালক, ৰিক্সাচালক, শাক-পাচলিৰ ব্যৱসায় সকলোতে দখল কৰা বুলিও উচটনিমূলক আৰু অগণতান্ত্ৰিক মন্তব্য দিছে। দেখদেখকৈ এয়া সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা মন্তব্য। এই মন্তব্যই মিঞা আৰু অসমীয়াৰ মাজত সাম্প্ৰদায়িক বিদ্বেষৰ ভাৱ সৃষ্টি কৰি সংঘৰ্ষৰ সূচনা পৰ্যন্ত হোৱাৰ সম্ভাৱনা জাগ্ৰত কৰিব । এয়া গৰিহণাৰ যোগ্য, অযুক্তিকৰ তথা সংবিধান বিৰোধী। আনহাতে উচ্চতম ন্যায়ালয়ৰ এক ৰায় অনুসৰি ঘৃণা বিয়পোৱা মন্তব্য দিয়া ব্যক্তিৰ বিৰুদ্ধে কোনো এজাহাৰ দাখিল নহ’লেও আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব পাৰে। কিন্তু বক্তব্য প্ৰদানৰ ৫ দিন উকলি যোৱাৰ পাছতো অসমৰ আৰক্ষী সঞ্চালক প্ৰধানে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এয়া খুবেই দুৰ্ভাগ্যজনক’ অসম আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই আজি এই সন্দৰ্ভত আইন অনুযায়ী পদক্ষেপ লোৱাৰ অনুৰোধ জনাই ই-মেইলযোগে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথাও সংবাদমেলত সদৰি কৰে।এই সন্দৰ্ভত তেওঁ কয়,’সংবিধানৰ ভাৰতীয় দণ্ডবিধিৰ ১৫৩ (ক) অনুচ্ছেদ অনুসৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা এক পত্ৰ প্ৰেৰণ কৰি অনুৰোধ জনাইছে৷ ইতিমধ্যে উচ্চতম ন্যায়ালয়ে আমাৰ পত্ৰৰ প্ৰাপ্তি স্বীকাৰ কৰিছে। আমি আশা ৰাখিছোঁ মহামান্য উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰি সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব।’উল্লেখ্য যে যোৱা ১২ জুলাইত নতুন দিল্লীত সাংবাদিকৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞাসকলৰ বাবে শাক-পাচলিৰ মূল্যবৃদ্ধি হোৱা বুলি উল্লেখ কৰি অসমীয়া যুৱকসকল ওলাই আহিলে গুৱাহাটীৰ পৰা মিঞাসকলক চাটাই কৰিব বুলি সংবিধানবিৰোধী মন্তব্য কৰিছিল।আজিৰ সংবাদমেলত সভাপতি বৰাৰ লগতে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা, মিডিয়া বিভাগৰ তত্বাৱধায়ক তথা সাধাৰণ সম্পাদক অভিজিৎ মজুমদাৰ, সাধাৰণ সম্পাদক (প্ৰশাসন) গজেন্দ্ৰ প্ৰসাদ উপমন্যু আৰু কোষাধ্যক্ষ ঘনকান্ত চুতীয়াও উপস্থিত থাকে৷