‘অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰস্তুতি সভা সম্পন্ন
ৰূপাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- ‘অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে’ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা উদযাপন কৰিবলৈ সাজু হৈছে । অহা ২৯ মাৰ্চত হবলগা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আবৃত্তি পৰিষদৰ গোলাঘাট জিলাইও অনুষ্ঠিত কৰিব এক বৰ্ণাঢ্য অনুষ্ঠান । এই প্ৰসংগতেই অনুষ্ঠানৰ পূৰ্ব প্ৰস্তুতি সম্পৰ্কে আলোচনা অলপতে এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । গোলাঘাট প্ৰগতি চৰাৰ সভাকক্ষত অনুষ্ঠিত সভাত জিলা সভাপতি ড° দিপালী গগৈয়ে সভাপতিত্ব কৰে আৰু আঁত ধৰে জিলা সম্পাদিকা দীপিকা ফুকনে । ভিন ভিন শাখাৰ বিষয়ববীয়াসকলে গুৰুত্বপূৰ্ণ মতামত আগবঢ়ায় আৰু প্ৰতিষ্ঠা দিৱসটি সুন্দৰকৈ পালন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয় । গোলাঘাট জিলা আবৃত্তি পৰিষদে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে ।