অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

PC-The Janambhumi

অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা –  অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভাখন বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত হয়। অসম অলিম্পিক সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ক্ৰীড়ামন্ত্ৰী বিমল বড়া, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰূপক শৰ্মা, ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তৰ লগতে অসম অলিম্পিক সন্থাৰ সদস্য আৰু ইয়াৰ অৰ্ন্তগত ৰাজ্যিক আৰু জিলা ক্ৰীড়া সন্থাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত বিগত সাধাৰণ সভাৰ কাৰ্য বিৱৰণী, অডিট ৰিপৰ্ট আৰু সম্পাদকীয় প্ৰতিবেদন সৰ্বসন্মতি ক্ৰমে গৃহীত কৰা হয়। তদুপৰি এই বাৰ্ষিক সাধাৰণ সভাত সন্থাৰ ২০২২-২৩ বৰ্ষৰ বাবে প্ৰস্তাবিত বাজেট গৃহীত কৰা হয়। তদুপৰি আজিৰ সভাই গুৱাহাটীত ৰাজ্যিক যুৱ ক্ৰীড়া, যোৰহাটত ৰাজ্যিক ক্ৰীড়া, মুখ্যমন্ত্ৰীৰ অসম বিশ্ববিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে আৰু অলিম্পিক দিৱসৰ দিনা কটন কলেজত ক্ৰীড়া কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা তথা শ্ৰেষ্ঠ ক্ৰীড়া সংগঠকক বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইফালে, আজিৰ সভাতেই অসম অলিম্পিক সন্থাৰ বৰ্তালোচনী স্পৰ্টছ জ্যোতিষপুৰ উন্মোচন কৰা হয়। আজিৰ সভাতেই অসম অলিম্পিক সন্থাৰ সংশোধিত সংবিধান গৃহীত কৰা হয়। আনহাতে, অসংবিধানিক কাম কাজৰ বাবে অসম অলিম্পিক সন্থাই শিলচৰ জিলা ক্ৰীড়া সন্থাৰ সদস্যপদ বাতিল কৰে। এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত হাইলাকান্দিৰ সভাপতি -সম্পাদক, কৰিমগঞ্জৰ সভাপতি-সম্পাদক আৰু অসম অলিম্পিক সন্থাৰ বিষয়ববীয়াই শিলচৰ জিলা ক্ৰীড়া সন্থা কিদৰে পৰিচালনা কৰিব সেই সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰিব। উল্লেখ্য, সভাৰ শেষৰফালে সৰ্বানন্দ সোনোৱালৰ অনুপস্থিতিত সভাখন পৰিচালনা কৰে ঋতুবৰণ শৰ্মাই।