অসমৰ ৫ সাহিত্যিকে লাভ কৰিলে সাহিত্য অকাডেমি বঁটা
ৰঙিলী বাৰ্ত্তাসেৱা- সদ্য ঘোষিত সাহিত্য অকাডেমিৰ যুৱ আৰু শিশু সাহিত্য শিতানত পুৰস্কাৰ প্ৰাপ্তিৰে ৫গৰাকী অসমীয়াই ৰাজ্যখনৰ নাম উজ্বলাই তুলিছে। সাহিত্য অকাডেমিয়ে ঘোষণা কৰা যুৱ পুৰস্কাৰ শিতানত অসমীয়া ভাষাত লেখক জিন্তু গীতার্থ, নেপালী ভাষাত কবি নেইনা অধিকাৰী আৰু বড়ো ভাষাত লেখিকা মাইনাওশ্রী দৈমাৰীয়ে বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে শিশু সাহিত্য শিতানত অসমীয়া ভাষাত সাহিত্যিক ৰথীন্দ্র নাথ গোস্বামী আৰু বড়ো ভাষাত লেখিকা প্রতিমা নন্দী নাৰ্জাৰীয়ে বঁটা লাভ কৰিবলৈ সক্ষম হয়। জিন্তু গীতার্থই ‘মন মৰা তৰা” শীৰ্ষক চুটিগল্প সংকলনটোৰ বাবে বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে নেইনা অধিকাৰীয়ে নেপালী ভাষাত ‘ঘাত- প্রতিঘাতকা উদ্গাহৰ’ শীৰ্ষক কাব্য সংকলন আৰু মাইনাওশ্রী দৈমাৰীয়ে ‘সোম, জিউ আৰো’ শীৰ্ষক বড়ো ভাষাৰ কাব্য সংকলনটিৰ বাবে সাহিত্য অকাডেমিৰ যুৱ সাহিত্য বঁটাৰ বাবে বিবেচিত হয়। বিশিষ্ট সাহিত্যিক ৰথীন্দ্রনাথ গোস্বামীয়ে ‘পোৱালমণি আৰু চিচিঙৰ দুঃসাহসিক অভিযান’ শীর্ষক শিশু উপন্যাসখনৰ বাবে অকাডেমিত শিশু সাহিত্য পুৰস্কাৰ লাভ কৰাৰ লগতে প্রতিমা নন্দী নাৰ্জাৰীয়ে বড়ো ভাষাত প্রকাশিত ‘গ’সাইনি গোজোন নোজোৰ’ (ভগৱানৰ সুদৃষ্টি) শীৰ্ষক চুটিগল্পৰ সংকলনৰ বাবে বঁটাটি লাভ কৰে।