অসমৰ মাটি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সম্পত্তি নহয়- গৌৰৱ গগৈ

অসমৰ মাটি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সম্পত্তি নহয়- গৌৰৱ গগৈ

আদিলুৰ ৰহমান, টুকটুকী,ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ মাটি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সম্পত্তি নহয়।যত তেওঁলোকে বিচাৰে সৰুপথাৰত বাগান লব।যত তেওঁলোকে বিচাৰে নিজৰ বিধান সভাৰ সমষ্টিত ভুমিহীন মানুহৰ পৰা মাটিলৈ নিজৰ পৰিয়ালৰ নামত লৈ লব।যত তেওঁলোকে বিচাৰে মিজোৰামত জিলাই জিলাই দি দিব।যত তেওঁলোকে বিচাৰে মেঘালয়ক দি দিব। এইটো মুখ্য মন্ত্ৰীৰ প্ৰচাৰৰ কাৰণে আজি দিল্লীত তেওঁলোকৰ বাতৰি ওলাই। আজি অসমৰ মাটিক লৈ যি খেলা খেলিছে সেইটো সছাকৈ লজ্জা জনক । আমি কংগ্ৰেছে এক‌ ইঞ্চিও মাটিও নিদিওঁ।আমি আইনৰ আশ্ৰয় লম । আজি বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত কদমনি আঞ্চলিক ঈদগাহ ৰ ২০২১_২২ বৰ্ষৰ MGNREGA. আচনিৰ শুভাৰম্ভ কৰি এখন কৰ্মী সভাত এইদৰে কয় কলিয়াবৰ লোকসভাৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ দলপতি গৌৰৱ গগৈয়ে। বটদ্ৰৱা ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত অনুষ্টিত হোৱা কৰ্মী সভাখনত গগৈয়ে আৰু কয় যে নগাঁওৰ প্ৰাক্তন ছাত্ৰ নেতা কৃত্তি কমল বৰাক স্বয়ং মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে গুলীৱা হৈছে। বটদ্ৰৱা ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি নুৰুল আমিনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কৰ্মী সভাখনত বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা শিৱামনি বৰাই ভাষন প্ৰদান কৰে। ইপিনে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত আমলক্ষীৰ এখন কৰ্মী সভাত সাংসদ গৌৰৱ গগৈ আৰু বিধায়িকা শিৱামনি বৰাই অংশ গ্ৰহণ কৰে।