অসমৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নৰ হকে ৬০৮ কোটি টকাৰ পুঁজিত অনুমোদন জনাইছে

pc TV9 Bharatvarsh

নাবার্ডে অসমৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নৰ হকে ৬০৮ কোটি টকাৰ পুঁজিত অনুমোদন জনাইছে

ৰঙিলী বাৰ্ত্তাসেৱা – গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি চমুকৈ আৰ আই ডি এফ-২৭ৰ অধীনত অনুমোদন জনোৱা পুঁজি ব্য়য় কৰা হ’ব ৰাজ্যৰ বিভিন্ন জিলাৰ ৫২টা গ্ৰাম্য পথ, ২১খন গ্ৰাম্য দলং, ১৯টা বান প্ৰতিৰোধ প্ৰকল্প আৰু ৩২টা ভূমি সংৰক্ষণ প্ৰকল্পত। ‘নেচনেল বেংক ফৰ এগ্রিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট’ (নাবার্ড) -এ অসমৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নৰ হকে ৬০৮ কোটি টকাৰ পুঁজিত অনুমোদন জনাইছে। নাবাৰ্ডৰ অসমস্থিত কাৰ্যালয়ৰ মুখ্য মহাপ্ৰবন্ধক বাইজু এন কুৰুপে জানিবলৈ দিয়া মতে, এই প্রকল্পসমূহ নিৰ্মাণ হৈ উঠিলে ৯০০খন গাঁৱৰ ১৭ লাখ লোক প্ৰত্যক্ষভাৱে উপকৃত হ’ব।