অণুগল্পঃ
“অসম্পন্ন”
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
পৰিয়ালৰ হেঁচাত আনক সুখী কৰিবলৈ গৈ নিজৰ সপোনবোৰ সততে চূৰ্ণাকৃত।ৰভাতলীত বহি থকা লীনাৰ সপোনে হাত বাউলি মাতিলেও তাই অপাৰগ।সপোনবোৰ নিমিষতে ছাইলৈ ৰূপান্তৰিত।না হাঁহিব পাৰিছে না কান্দিব পাৰিছে।বিষাদৰ ছাঁটোৱে তাইৰ মুখমণ্ডলত আৱৰি ধৰিছে।লীনাই পঢ়া-শুনা কৰি শিক্ষয়িত্ৰী হোৱাৰ সপোন দেখিছিল।