অসমীয়া জাতিৰ প্ৰাণৰ উৎসৱ কাতি বিহুৰ দিনটোত শ্যামলা পথাৰখন লখিমীৰে উপচি পৰাৰ প্ৰাৰ্থনা
ৰঙিলী বাৰ্ত্তাসেৱা – প্ৰতিজন অসমীয়াৰ হৃদয়ত চিৰ প্ৰবাহিত হৈ থকা কাতি বিহুৰ মাহাত্ম্য অপৰিসীম। আহিনৰ সংক্ৰান্তিৰ দিনা অসমীয়া সমাজে কৃষি ভিত্তিক উৎসৱ কাতি বিহু উদযাপন কৰি আহিছে।কাতি মাহত কৃষকৰ পথাৰখন প্ৰাণৱন্ত হৈ পৰে।চোতালৰ তুলসীজোপাৰ তলত চাকি জ্বলোৱাৰ লগতে শস্য শ্যামলা পথাৰখন লখিমীৰে উপচি পৰাৰ প্ৰাৰ্থনা জনাই ধাননি পথাৰত জ্বলাব এগচি বন্তি৷এই সময়ছোৱাত পোক-পতংগৰ পৰা খেতিডৰা ৰক্ষা কৰাৰ মুখ্য উদ্দেশ্য আগত ৰাখিয়েই অতীজৰে পৰা পৰম্পৰাগতভাৱে পালন কৰি অহা হৈছে কাতি বিহু৷পূৰ্বৰে পৰা চলি অহা লোকাচাৰ অনুসৰি কাতি বিহুৰ দিনা পুৱাই সকলোৱে ঘৰ-বাৰী পৰিস্কাৰ কৰে আৰু গৃহিণীয়ে ঘৰৰ সন্মুখত তুলসী ভেটি তৈয়াৰ কৰি ৰঙা মাটিৰে লিপি জিলিকাই ৰাখে৷দুপৰীয়াৰ ভাগত গৃহিণীয়ে কান্ধত কাঁচিখন লৈ নিজৰ সোণগুটিৰ পথাৰডৰা চাবলৈ যোৱাৰ পৰম্পৰা আছে। যদি ধাননি পথাৰ চাবলৈ নাযায় ,তেতিয়া লক্ষ্মী আয়ে গৃহস্থ নাই বুলি ভাৱে আৰু গৃহস্থৰ গৃহত অকাল-অনাটন বাঢ়ে বুলি এক বিশ্বাস আছে।