অসমীয়া-বাংলা ভাষাৰ প্ৰসিদ্ধ সাহিত্যিক ৰবীন্দ্ৰ সৰকাৰৰ বিয়োগত ভিন-ভিন দল-সংগঠনৰ শোক

অসমীয়া-বাংলা ভাষাৰ প্ৰসিদ্ধ সাহিত্যিক ৰবীন্দ্ৰ সৰকাৰৰ বিয়োগত ভিন-ভিন দল-সংগঠনৰ শোক    

ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া-বাংলা উভয় ভাষাৰ প্ৰগতিশীল কবি-সাহিত্যিক, চিন্তাবিদ ৰবীন্দ্ৰ সৰকাৰৰ বিয়োগত ভিন-ভিন দল-সংগঠনে একেমুখে গভীৰ শোক প্ৰকাশ কৰে । এক শোক বাৰ্তাত বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- “আমি হেৰুৱালোঁ এজন মানৱদৰদী সমন্বয়-সংহতিৰ নিষ্ঠাবান কবি-সাহিত্যিকক । অসমক প্ৰাণৰ সমান ভাল পাইছিল বলিষ্ঠ সাহিত্যিকগৰাকীয়ে ।” কবি-লেখক ৰবীন্দ্ৰ সৰকাৰৰ বিয়োগত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নাথ সাহিত্য সভাৰ সভাপতি ড০ হৰ কুমাৰ নাথ, নতুন সাহিত্য পৰিষদৰ কাৰ্যলয় সম্পাদক ভৱ ডেকা, সদস্য শচীন দাস, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি দেবেন্দ্ৰনাথ বসুমতাৰী, আহ্বায়ক অৱনী ৰঞ্জন পাঠক, প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, অসম শিশু সাহিত্য সমাজ, পৰাগজ্যোতি প্ৰকাশন, স্বেচ্ছাসেৱী অনুষ্ঠান “ৰং” আদি দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে একেমুখে কয় আমি হেৰুৱালোঁ দিগগজ চিন্তাৰ এজন সাহিত্য মনীষীক । তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ।