অসমীয়া ছবিজগতৰ পূৰ্বৰ সকলো অভিলেখ ভংগ শ্ৰী ৰঘুপতিৰ

অসমীয়া ছবিজগতৰ পূৰ্বৰ সকলো অভিলেখ ভংগ শ্ৰী ৰঘুপতিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰবি শৰ্মাৰ নতুন ছবি শ্ৰীৰঘুপতিয়ে মুক্তিৰ পাছতে দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰাৰ পাছত ছবিখনে ১০ কোটিৰ ক্লাবত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে কোনো অসমীয়া ছবিয়ে বক্স অফিচত ১০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা নাই ।ইয়াৰ পূৰ্বে উপাৰ্জনৰ ক্ষেত্ৰত যতীন বৰা অভিনীত ৰত্নাকৰ ছবিখনে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। ব্যাপক জনপ্রিয়তা লাভ কৰা যতীন বৰাৰ ৰত্নাকৰ ছবিখনে বক্স অফিচত ৬৩ দিনত ৯.৩০ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছিল। সম্প্ৰতি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ছবিগৃহৰ লগতে দিল্লী, মুম্বাই, গোৱা, হায়দৰাবাদ, বাংগালুৰুকে ধৰি কেইবাখনো ৰাজ্যৰ ছবিগৃহত প্ৰদৰ্শিত হৈ থকা শ্ৰীৰঘুপতিয়ে ৰত্নাকৰৰ এই অভিলেখ ভংগ কৰি মুক্তিৰ ২১ দিনৰ ভিতৰতে ১০ কোটিতকৈও অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। দুই কোটি টকা বাজেটেৰ নিৰ্মাণ কৰা ছবিখনে মুক্তিৰ চতুৰ্থ সপ্তাহৰ ভিতৰতে এই উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বেও ছবিখনে এদিনতে ৮০ লাখ টকা উপাৰ্জন কৰি অসমীয়া ছবি উদ্যোগত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছিল।