অসমলৈ সুনাম কঢ়িয়াই অনা ফুটবলাৰ অপূৰ্ণা নাৰ্জাৰী আৰু ক্ৰিকেটাৰ উমা চেত্ৰীলৈ অভিনন্দন

অসমলৈ সুনাম কঢ়িয়াই অনা ফুটবলাৰ অপূৰ্ণা নাৰ্জাৰী আৰু ক্ৰিকেটাৰ উমা চেত্ৰীলৈ অভিনন্দন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ সুযোগ্যা কন্যাদ্বয় কোকৰাঝাৰ নিবাসী অপূৰ্ণা নাৰ্জাৰী আৰু বোকাখাটৰ উমা চেত্ৰীয়ে ৰাজ্যখনলৈ ক্ৰীড়াৰ ক্ষেত্ৰত যি সুনাম কঢ়িয়াই আনিছে ইয়াক লৈ ভিন-ভিন দল-সংগঠনে একেমুখে অভিনন্দন জনাইছে । উল্লেখ থাকে যে ভাৰতীয় মহিলা ফুটবল দলৰ অধিনায়িকা হিচাপে মনোনীত হৈ অসমলৈ ইতিবাচক গৌৰৱ কঢ়িয়াই আনিছে অপূৰ্ণা নাৰ্জাৰীয়ে । ছুইডেনৰ বিৰুদ্ধে তেওঁ নেতৃত্ব দিব । আনহাতে উমা চেত্ৰীয়ে ভাৰতীয় মহিলা জাতীয় ক্ৰিকেট দলত স্থান লাভ কৰিছে । দুই খেলুৱৈৰ প্ৰতি বহুভাষিক সাহিত্য‌‌ মঞ্চ, অসমৰ প্ৰধান সম্পাদক দীপক শৰ্মাই অভিনন্দন জনাই কয় যে- তেওঁলোকে অসমৰ নাম বিশ্বত জিলিকাই তুলিব । আমি আশাবাদী । দুয়ো অসম কন্যাই অসমৰ অদম্য নাৰীৰ শক্তি প্ৰদৰ্শন কৰিব বুলি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ । খেলুৱৈ দুগৰাকীলৈ অসম শিশু সাহিত্য সমাজ, পৰাগজ্যোতি প্ৰকাশন, স্বেচ্ছাসেৱী অনুষ্ঠান “ৰং”, হেল্প এইড ফাউণ্ডেশ্যনৰ অধ্যক্ষ অঞ্জুলিনা দেৱচৌধুৰী আদিয়েও অভিনন্দন জনাইছে ।