অসমবাসীক দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ

pc- Facebook

অসমবাসীক দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই সমূহ দেশবাসী তথা অসমবাসীলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছে প্ৰেছ বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ে। সভাপতিয়ে কয় যে মা দুৰ্গাৰ আশীৰ্বাদৰ পৰশত সমাজৰ প্ৰতিজন লোকৰ জীৱনলৈ সুখ-শান্তিৰ আগমন হওঁক, শৰতৰ শেৱালিৰ দৰেই জীপাল হৈ পৰক সকলোৰে মন প্ৰাণ। লগতে সভাপতিয়ে ক’ভিড সৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি সকলো জনসাধাৰণক চৰকাৰী নীতি নিৰ্দেশনা মানি শাৰদীয় উৎসৱত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।