অসমত ৰাহুল গান্ধীৰ নেতৃত্বত “ভাৰত জোড়ো ন্যায় যাত্ৰা”

অসমত ৰাহুল গান্ধীৰ নেতৃত্বত “ভাৰত জোড়ো ন্যায় যাত্ৰা”

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ মহিমা সিং আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ বিধায়ক ভৰত চন্দ্ৰ নৰহে কয় যে অহা ১৮ জানুৱাৰী তাৰিখে কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত “ভাৰত জোড়ো ন্যায় যাত্ৰা”ই অসমৰ শিৱসাগৰ জিলাৰ আমগুৰিত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। এই যাত্ৰাই এসমৰ ১৭ খন জিলা স্পৰ্শ কৰিব। অসমৰ প্ৰায় ৮৩৩ কিলোমিটাৰ পথ সামৰিবলগীয়া এই যাত্ৰা আমগুৰি, যোৰহাট, মাজুলী, ধেমাজি, লক্ষীমপুৰ, তেজপুৰ, কলিয়াবৰ, নগাওঁ, গুৱাহাটী, হাজো, মুকালমুৱা, চেঙা, বৰপেটা, হাউলী, সৰভোগ, মানিকপুৰ, বঙাইগাওঁ, চাপৰ, বিলাসীপাৰা, গৌৰীপুৰ, গোলোকগঞ্জ আৰু বক্সিহাটৰ মাজেদি যাব। উক্ত যাত্ৰা উপলক্ষে অসমত এখন বিশাল জনসভাৰ আয়োজন কৰা হব। সেই সভালৈ বুথ কমিটীৰ সকলো সভাপতিকে উপস্থিত থাকিবলৈ আহবান জনোৱা হ’ব। আগন্তুক লোক সভা নিৰ্বাচন আৰু ভাৰত জোড়ো ন্যায় যাত্ৰা সম্পৰ্কে আলোচনা কৰিবলৈ গুৱাহাটীৰ আজাৰাত এখন সভাৰ আয়োজন কৰা হৈছে । উক্ত সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বৰ্ধিত কাৰ্য্যনিৰ্বাহকৰ সমূহ সদস্যৰ লগতে ভাতৃ-ভগ্নী সংগঠন তথা কোষ আৰু বিভাগ সমূহৰ সমূহ ৰাজ্যিক কমিটীৰ বিষয়ববীয়া সকল উপস্থিত থাকিব। উক্ত সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাংগঠনিক সাধাৰণ সম্পাদক কে. চি. বেণুগোপাল আৰু অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙো উপস্থিত থাকিব।