অনলাইন বাৰ্ত্তাসেৱা – অসমৰ এগৰাকী মহিলা চিকিৎসক একে সময়তে কোভিড-১৯ৰ দুটা পৃথক পৃথক প্ৰকৰণৰ দ্বাৰা সংক্ৰমিত হৈছিল। আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ, এন.ই., ডিব্ৰুগড়ত কৰা ইয়াৰ পৰীক্ষাৰ পিছত এই কথা পোহৰলৈ আহে। সম্পূৰ্ণ টিকাকৰণ কৰা স্বত্বেও, ভেকছিনৰ দ্বিতীয় পালি গ্ৰহণ কৰাৰ এমাহ পিছতেই চিকিৎসকগৰাকী আলফা আৰু ডেল্টা দুয়োটা প্ৰকাৰণৰ দ্বাৰা সংক্ৰমিত হৈছিল। চিকিৎসকজনৰ শৰীৰত ইয়াৰ মৃদু লক্ষণে দেখা দিছিল আৰু তেখেত আৰোগ্যও হৈছিল চিকিৎসালয়ত ভৰ্তি নোহোৱাকৈয়ে।
(UD.)