অসমত সম্পূর্ণৰূপে নিষিদ্ধ হ’ল গো-মাংস
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত গো-মাংস প্ৰচলনক লৈ অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ অসমত ৰাজহুৱা স্থান, হোটেল-ৰেষ্টুৰেণ্টত সম্পূর্ণৰূপে নিষিদ্ধ হ’ল গো-মাংস। উল্লেখ্য যে বিভিন্ন চৰকাৰী কার্যসূচী লৈ সম্প্রতি নতুন দিল্লীত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তাৰ পৰাই ভার্চুৱেলী কেবিনেট বৈঠকখনত অধ্যক্ষতা কৰে। কেবিনেটৰ অন্তত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তৰ কথা সদৰী কৰি কয় যে যোৱা কিছুদিনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে গো-মাংসৰ প্ৰচলন সন্দৰ্ভত বিভিন্ন স্থানত অস্বস্তি প্রকাশ কৰিছে। এনে ধাৰণাই তেওঁলোকে ৰাইজৰ সন্মুখত দিছে। আজিৰ কেবিনেটে ভূপেন বৰা আৰু ৰকিবুল হুছেইনৰ এই সম্পর্কীয় মন্তব্যসমূহ পুংখানুপুংখভাবে বিশ্লেষণ কৰা হয়। অসমত গো-মাংস নিবাৰণী আইন এখন আছে। আইনখন যথেষ্ট শক্তিশালী যদিও ৰাজহুৱা অনুষ্ঠান, হোটেল-ৰেষ্টুৰেণ্টত গো-মাংস খাব পাৰে নে নাই আইনখনত সেই সম্পর্কীয় কোনো স্পষ্ট উল্লেখ নাছিল। আজিৰ কেবিনেটে সমগ্র বিষয়টো বিশ্লেষণ কৰি এতিয়াৰে পৰা কোনো সামাজিক অনুষ্ঠান, ধর্মীয় সভা, ৰাজহুৱা সভা, হোটেল-ৰেষ্টুৰেণ্টত গো-মাংস পৰিৱেশন নিষিদ্ধ কৰে। ৰাজহুৱাভাৱে অসমত গো-মাংস সম্পূৰ্ণৰূপে নিষিদ্ধ। ৰাজহুৱা স্থান, হোটেল-ৰেষ্টুৰেণ্টত আজিৰে পৰা গো-মাংস পৰিৱেশন নিষিদ্ধ কৰা হৈছে। পূৰ্বতে মন্দিৰ আদিৰ ৫ কিলোমিটাৰ ব্যাসার্ধত গো-মাংসৰ প্ৰচলন নিষিদ্ধ আছিল যদিও এতিয়া সমগ্ৰ ৰাজ্যতে সম্পূৰ্ণৰূপে গো-মাংসৰ প্ৰচলন নিষিদ্ধ কৰা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে গো-মাংস নিবাৰণী আইনখনত এই বিষয়টো সন্নিবিষ্ট হ’ব। ইয়াৰ লগে লগে প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কংগ্রেছ নেতা ৰকিবুল হুছেইনে প্রত্যক্ষ বা পৰোক্ষভাৱে বিচৰা বিষয়টোও আগবাঢ়ি যাব। এইক্ষেত্রত কংগ্ৰেছ দলক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে কংগ্রেছে সহযোগিতা আগবঢ়োৱা-নবঢ়োৱাটো তেওঁলোকৰ ৰাজনৈতিক বিষয়। কিন্তু চৰকাৰে এতিয়াৰে পৰা ৰাজহুৱা স্থান, হোটেল-ৰেষ্টুৰেণ্ট আদিত গো-মাংস নিষিদ্ধ কৰিলে। উল্লেখ্য যে সদ্যসমাপ্ত ৫ বিধানসভা সমষ্টিৰ উপ-নির্বাচন বিশেষকৈ চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সময়ৰে পৰাই গো-মাংসৰ বিষয়টোৱে বিশেষ ৰাজনৈতিক চর্চা লাভ কৰিবলৈ আৰম্ভ কৰে। গো-মাংসক কেন্দ্ৰ কৰি উপ-নিৰ্বাচনৰ ৰাজনৈতিক পৰিৱেশপর্যন্ত উত্তাল হৈ পৰে। আনকি ইয়াকে কেন্দ্ৰ কৰি কংগ্ৰেছ-বিজেপিকে ধৰি বিভিন্ন শিবিৰৰ মাজত বোকা ছটিওৱাৰ ৰাজনীতিও আৰম্ভ হয়। এনে পৰিস্থিতিৰ মাজতে আজি অসম চৰকাৰৰ কেবিনেট বৈঠকে ৰাজ্যখনত সম্পূৰ্ণৰূপে গো-মাংস নিষিদ্ধৰ সিদ্ধান্ত গ্ৰহণ কৰে। মন কৰিবলগীয়া যে তিনি বছৰ পূৰ্বে ৰাজ্য চৰকাৰে গো-সৰবৰাহ আৰু গো-মাংসৰ প্ৰচলন ৰোধৰ বাবে এখন আইন প্রণয়ন কৰিছিল। কিন্তু ৰাজহুৱা স্থান, হোটেল- ৰেষ্টুৰেণ্ট আদিত গো-মাংস পৰিৱেশন বন্ধৰ ক্ষেত্ৰত আইনখনত বিশেষ ব্যৱস্থা নাছিল। আজিৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ ফলত ৰাজ্যখনত সম্পূৰ্ণৰূপে গো-মাংসৰ প্ৰচলন বন্ধ হৈ পৰে।