অসমত আকৌ ঘোষণা হ’ব পাৰে লকডাউন

rongilibarta

অসমত আকৌ ঘোষণা হ’ব পাৰে লকডাউন

ৰঙিলী বাৰ্ত্তাসেৱা – ৰাজ্যত শেহতীয়াকৈ পুনৰ বহুতো লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাত পুনৰ চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ।শাৰদীয় দুৰ্গা পূজাৰ পাছতেই বহুজন আকৌ আক্ৰান্ত হৈছে ক’ভিডত।সপ্তমী, অষ্টমীত অসমত কৰ’নাৰ পজিটিভিটী হাৰ প্ৰায় দুগুণ বৃদ্ধি পাইছিল৷প্ৰতিদিনেই ক’ভিডত আক্ৰান্ত হোৱা লোকৰ মৃত্যুৰ খবৰো আহিছে।অসমত আকৌ ঘোষণা হ’ব পাৰে লকডাউন।আনহাতে হ্ৰাস পাব পাৰে সান্ধ্য আইনৰ সময়সীমা।আজি এই ইংগিত প্ৰদান কৰিলে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ অন্তত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা৷ক’ভিড সংক্ৰমণৰ হাৰ নকমিলে চৰকাৰে অহা ৩/৪দিনৰ ভিতৰত কঠোৰ সিদ্ধান্ত ল’ব চৰকাৰে।