অসমতো ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক ক’ভিড ভেকচিন প্রদান অভিযান আৰম্ভ
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ আন ৰাজ্যৰ লগতে অসমতো ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক ক’ভিড ভেকচিন প্রদান অভিযান আৰম্ভ হ’ল। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দুলীয়াজানৰ অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই অভিযানৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়- ‘ক’ভিডৰ বিৰুদ্ধে দীঘলীয়া যুঁজখনৰ আজি এক নিৰ্ণায়ক দিন। টিকাকৰণেই ক’ভিডৰ বিৰুদ্ধে অমোঘ অস্ত্র।ৰাজ্যৰ ২০.৩৭ লাখ ছাত্ৰ-ছাত্ৰী আৰু কিশোৰ-কিশোৰীক সামৰি লৈ আৰম্ভ কৰা এই অভিযান ৯ জানুৱাৰী অৰ্থাৎ ৭ দিনলৈকে চলিব।৫০০খনৰো অধিক শিক্ষানুষ্ঠানত স্বাস্থ্য বিভাগে শিক্ষা বিভাগৰ সহযোগত আৰম্ভ কৰা অভিযান মুকলি কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ভেকচিন লোৱা ব্যক্তিসকল পুনৰ ক’ভিডত আক্রান্ত হ’লেও তেওঁলোকৰ দেহত ক’ভিডৰ সংক্ৰমণ অতি ব্যাপক নহয় আৰু মৃত্যুৰ হাৰো হ্রাস পায়।