“অসতো মা সদগময়
তমসো মা জ্যোতি গময়
মৃত্যু মাং মৃতং গময় ।”
অৰ্থাৎ , অসত্যৰ পৰা মোক সত্যলৈ লৈ যোৱা অন্ধকাৰৰ পৰা জ্যোতি লৈ যোৱা, মৃত্যুৰ পৰা মোক অমৃতলোকলৈ লৈ যোৱা।
প্ৰাৰ্থনা হ’ল ঈশ্বৰৰ সেৱা। যি কোনো পৰিস্থিতিত ঈশ্বৰৰ ইচ্ছানুসৰি তেঁওৰ পৰা সমাধান পোৱা এটা মাধ্যম। প্ৰাৰ্থানাই মনোবল তথা মন স্থিৰ কৰে। গান্ধীজীৰ মতে প্ৰাৰ্থনাই মানুহৰ ভাঙি চুৰমাৰ কৰা মনক নতুন ৰূপ দিয়ে। আমাৰ মনোযোগ,আত্মবিশ্বাস , উৎসাহ, নিৰাপত্তা, ধৰ্য্য তথা মানসিক শক্তি বৃদ্ধিত ও সহায় কৰে। ঈশ্বৰ পৰম কৰুণাময় ।
ধ্যান : ধ্যান হ’ল মনৰ ব্যায়াম। অশান্ত মনক শান্ত কৰিবৰলৈ নিয়মিত ধ্যান উত্তম উপায়। ইয়াৰ দ্বাৰা ঈশ্বৰক অনুভৱ কৰিব পাৰি। স্বামী পৰামানন্দৰ মতে যিকোনো কাম কৰাৰ আগতে মনক এটা দিশত সংহত কৰিব লাগে। পতঞ্জলিৰ মতে, “ঈশ্বৰৰ প্ৰতি ভক্তিক স্থায়ী কৰিবলৈ ধ্যানৰ নৈপুণ্যৰ প্ৰয়োজন।” ইয়াৰ দ্বাৰা একাগ্ৰতা বৃদ্ধি, সুপ্ত প্ৰতিভা আৰু শক্তি জাগ্ৰত হয়। আমাৰ মনত অনবৰতে বিভিন্ন চিন্তা প্ৰবাহ হৈ থাকে। তাৰে বেছি ভাগ চিন্তা নকাৰাত্মক । ধ্যান এ মন আৰু হৃদয়ক শান্ত কৰে। পতঞ্জলিত আছে,” আমাৰ মনৰ মাজত সকলো সময়তে যি চিন্তাই অধিকাৰ কৰি থাকে, আমি সেয়ে হও।”সকলো সময়তে পবিত্ৰ চিন্তা কৰিলে পবিত্ৰ চিন্তাৰ অধিকাৰী হয়। শ্ৰীমদ ভাগৱতৰ মতে পোহৰ যেনেকৈ পোহৰত মিলি যায়, জীৱন তেনেকৈ সৰ্বভূতাত্মা ভগৱানত মিলি যায়। গৱেষণাৰ দ্বাৰা প্ৰমাণিত হৈছে যে ধ্যানে শাৰীৰিক, মানসিক দুয়োটাতে প্ৰভাৱ পেলায়। ই মন আৰু শৰীৰৰ পৰিপূৰক ঔষধ।
জ্যোতিস্মিতা গোস্বামী শৰ্মা।