অসচেতন সমাজত ভাইৰেল মদাহী দৰা
কৰিশ্মা নাথৰ ভাইৰেল নাগাৰা নামৰ পিছত এইবাৰ সামাজিক মাধ্যমত তোলপাৰ লগাইছে ভাইৰেল মদাহী দৰাই ৷ মদাহী দৰাৰ বাবে বিয়া ভাঙিল এগৰাকী কইনাৰ ৷ প্ৰকৃতিত একমাত্ৰ মানুহে নিচা কৰে,পশুপক্ষীয়ে নিচাহ নকৰে ৷ যদি পশুপক্ষীৰ আগত ঘাহঁ আৰু ধতুৰা ৰাখি থোৱা হয় তেতিয়া পশুপক্ষীয়ে ঘাঁহ খাৱ কাৰণ পশুপক্ষীয়ে প্ৰকৃতিৰ অনুভৱৰ মাজত চলে যাৰবাবে নিচাহৰ প্ৰয়োজন নাই ৷ কিন্তু মানুহে নিচাহ কৰে,নিচাহ অকল মদ,ভাং,গাঞ্জা আদিৰ নহয়,কিছুমান নিচাহ সন্মানীয় যেনে ৰূপৰ নিচাহ,টকাপইচাৰ নিচাহ,কামনাবাসনাৰ নিচাহ,লোভ,লালসা আৰু ধনসম্পত্তিৰ নিচাহ আদিও জড়িত ৷ মুঠৰওপৰত সমাজত সকলোৱে নিচাসক্ত ৷এতিয়া মূল কথা হৈছে মানুহে নিচাহ কিয় কৰে ? নিচাহৰ মূল কাৰণ হৈছে আমি আন্তৰিকভাৱে দুখী আৰু দুৰ্বল ৷ অসম্পূৰ্ণতা আৰু ৰিক্ততাই গ্ৰাস কৰিছে আচবাব ৷ আমাৰ জীৱনৰ যিবোৰ সম্বন্ধ আৰু অনুভৱ আমাৰ সহ্য নহয়,ভবিষ্যতৰ চিন্তা,হোচবিহীন অচেতনতা যাৰ সৈতে যুজিব নোৱাৰি অৱশেষত অচেতন মনক আৰু অচেতনতালৈ নমাই লৈ অনা হয় মানে নিচাসক্ত হোৱা যায় ৷ প্ৰকৃততে সত্যক যিয়ে লুকুৱাই সেইটোৱেই নিচাহ ৷ সত্যৰ বিৰুদ্ধাচৰণ কৰি অসত্যক আকোঁৱালি লোৱাই হৈছে নিচাহ ৷ দোষাৰূপ মদ,ধতুৰা,গাঞ্জা আদিক কৰাতকৈ মনৰ ভিতৰত যি বিচাৰ,চিন্তা,আবেগঅনুভূতিৰ নিচাহ সোমাই আছে আগতে তাক নিৰ্মূল কৰা উচিত ৷ মনোৰঞ্জনও একপ্ৰকাৰৰ বৃহৎ নিচাহ,যাৰ আৰত চলিছে লুণ্ঠন ৷ সমাজত মনোৰঞ্জনৰ বৰবিহ বিয়পাই দি একাংশই মুনাফা অৰ্জনৰ বৃহৎ অংকত ব্যস্ত ৷ যাক সহায় কৰিছে সামাজিক মাধ্যম আৰু প্ৰচাৰ মাধ্যমে ৷ মনোৰঞ্জনৰ নিচাহ বিয়পাই মূল বিষয়বস্তুৰ পৰা আঁতৰাই ৰাখিছে সমাজ তথা জনসাধাৰণক সামাজিক মাধ্যম আৰু প্ৰচাৰ মাধ্যমে ৷ কেৱল আৱৰ্জনা আৰু অদৰকাৰী বিষয়বস্তু প্ৰচাৰ কৰাত ব্যস্ত বৰ্তমানৰ প্ৰচাৰ মাধ্যম ৷ ভাইৰেল নাগাৰা নাম,ভাইৰেল মদাহী দৰা এইবোৰৰ দৰে সস্তীয়া মনোৰঞ্জনৰ নিচাহ বিয়পাই দিয়া হৈছে,আঁচল কথাৰ পৰা দূৰত ৰখা হৈছে ৷ ইয়াৰ আৰত আছে মুনাফা আদায় কৰা বৃহৎ কায়দা ৷ জলবায়ু পৰিৱৰ্তন,নিবনুৱা সমস্যা,শিক্ষাৰ মানদণ্ড,বানপানী আদিৰ দ্বৰে মূলকথা বোৰ লুকাই কেৱল সস্তীয়া মনোৰঞ্জনৰ নিচাহ প্ৰচাৰ কৰা হৈছে ৷ অসচেতন সমাজক আৰু অসচেতনতা লৈকে প্ৰক্ষেপ কৰা হৈছে ৷ সময় থাকতে যদি আমি সচেতন নহওঁ তেতিয়া আনৰ ৰং চাই আমি মনোৰঞ্জন লব পাৰিম কিন্তু যেতিয়া নিজৰ ওপৰত আহিব তেতিয়া আমাক কোনে উদ্ধাৰ কৰিব? প্ৰকৃতি তথা সমাজৰ ধংসলীলাৰ নীৰৱ দৰ্শক হোৱাৰ বাহিৰে আমাৰ হাতত কোনো পন্থা নাথাকিব ৷
শৈলেন কুমাৰ
মিৰ্জা