অলিম্পিয়ান লাভলীনা বৰগোঁহাই জামুগুৰি প্ৰেছক্লাব আৰু কম্পিউটেক কম্পিউটাৰ কেন্দ্ৰত সৌজন্যমূলক সাক্ষাৎ

অলিম্পিয়ান লাভলীনা বৰগোঁহাই জামুগুৰি প্ৰেছক্লাব আৰু কম্পিউটেক কম্পিউটাৰ কেন্দ্ৰত সৌজন্যমূলক সাক্ষাৎ

মৃগাংক বৰুৱা,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা-  অসম গৌৰৱ, অলিম্পিয়ান তথা অৰ্জুন বঁটা পদক বিজয়ী লাভলীনা বৰগোহাঁই কালি স্ব-গৃহলৈ আহি মাক দেউতাক সহিতে গোলাঘাটৰ জামুগুৰি প্ৰেছ ক্লাব আৰু জামুগুৰিস্থিত কম্পিউটাৰ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান কম্পিউটেক কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰত সৌজন্যমূলক ভাবে সকলোকে সাক্ষাৎ কৰি যায় । পূৰ্বতে এই দুয়োটা অনুষ্ঠানে লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জনোৱাৰ হেঁপাহ কৰি যোগাযোগ কৰিছিল । কিন্তু তাৎক্ষণিকভাৱে লাভলীনা প্ৰশিক্ষণ কেন্দ্ৰত যোগদান কৰিব লগীয়া হোৱাত এই কাৰ্যসূচী ৰদ কৰা হয় । সেয়েহে কালি অনুষ্ঠান দুয়োটাত সোমাই সকলোৰে লগত বাৰ্তালাপ কৰে। অনুষ্ঠান দুয়োটাৰ হৈ প্ৰেছ ক্লাবৰ সভাপতি প্ৰসেনজিত শইকীয়া, যুটীয়া সম্পাদক ৰিতুপন দত্ত আৰু কম্পিউটেক ইনষ্টিটিউটৰ এজন সত্বাধিকাৰ তথা শিক্ষক ৰূপাংক বৰুৱাই অনুষ্ঠান দুটালৈ উষ্ম আদৰণি জনাই । আনহাতে সাধাৰণ বাৰ্তালাপৰ মাজতে লাভলীনাই বৃহত্তৰ জামুগুৰি অঞ্চলৰ কিশোৰ কিশোৰী সকলৰ বাবে কিবা এটা কৰাৰ হেঁপাহ পুহি ৰখাৰ কথাও ব্যক্ত কৰে । এই সাক্ষাৎত সমূহ জামুগুৰিবাসীৰ হৈ এই দুয়োটা অনুষ্ঠানে শুভেচ্ছা আৰু শুভকামনা জনায় ।