অম্বুবাচী – এছ ইছলাম

অম্বুবাচী

এছ ইছলাম, শিক্ষক
পঃমইনবৰী, বৰপেটা

কৃষিভিত্তিক উৎসৱ অম্বুবাচী
ৰজস্বলা হয় আই বসুমতী
ই হিন্দুধৰ্মীয় লোকাচাৰ
ব্যাপক সঞ্চালন অৰ্থ ইয়াৰ।

বেদ-বেদাঙ্গ অধ্যয়ন
নিষেধ ভূমিকৰ্ষণ
গাৱঁৰ প্ৰতি ঘৰে ঘৰে
আই-বোৱাৰী-জীয়াৰীহঁতে
চৰু-হাৰি ধোৱা-পখলা কৰে।

অম্বুবাচীৰ সময়ত
মানুহে আম, জাম, লিচু ,কল,
ভক্ষণ কৰে কঁঠাল ফল।

অত্যন্ত শ্ৰদ্ধা ভক্তিৰে
ভক্তই কঠোৰ ভাৱে পালন কৰে
মন্দিৰত পূজা-পাৰ্বন বন্ধ থাকে।

মন্দিৰৰ দুৱাৰ খোল খায়
নিবৃত্তি দিনাই
দেৱীদৰ্শনৰ আটাইতকৈ শুভ ক্ষণ।

সন্ন্যাসী আৰু হেজাৰ হেজাৰ
ভক্তৰ আগমন হয়
মনৰ অভীষ্ট সিদ্ধিৰ বাবে
দেৱীৰ ওচৰত আশীৰ্বাদ লয়।

অন্তৰৰ ভাৱেই ভক্তি
সকলো ভক্তপ্ৰাণে নিজৰ মনত
ভাৱ-ভাৱনা লৈ আহে
দেৱীয়ে মনৰ আশা পূৰণ কৰে।