অভিনেতা চনু সুদৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

pc- The indian express

অভিনেতা চনু সুদৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

অনলাইন বাৰ্ত্তাসেৱা- আয়কৰ বিভাগে অভিনেতা চনু সুদৰ বাসগৃহকে ধৰি ৬ স্থানত অভিযান চলাইছে। কৰফাঁকিৰ অভিযোগ উত্থাপন কৰি অভিনেতা চনু সুদৰ মুম্বাইস্থিত বাসগৃহত আয়কৰ বিভাগে অভিযান চলোৱাৰ সমান্তৰালকৈ অভিনেতাজন জড়িত লক্ষ্ণৌৰ কোম্পানীটোতো অভিযান চলাইছে। বিভাগটোৱে অভিযান চলোৱাৰ পিছত অভিনেতাজনৰ বাসগৃহ তথা আন স্থানৰ পৰা বিশেষ তথ্য উদ্ধাৰ কৰা সন্দৰ্ভত এতিয়াও একো আনুষ্ঠানিকভাৱে প্রকাশ কৰা নাই।উল্লেখ্য যে কʼভিড-১৯ৰ লকডাউনৰ সময়ত নিজৰ পকেটৰ ধন খৰচ কৰি সেৱা আগবঢ়োৱা মানৱ দৰদী অভিনেতা চনু সুদক যোৱা ১৩ ছেপ্টেম্বৰত দিল্লীৰ আম আদমী পাৰ্টী চৰকাৰে শিক্ষা আঁচনি ‘দেশ কা মেণ্টৰ্ছ’ৰ ব্ৰেণ্ড এম্বেছাড়ৰ হিচাপে মনোনীত কৰিছিল। ইয়াৰ পিছতে আয়কৰ বিভাগে অভিনেতা চনু সুদৰ বাসগৃহকে ধৰি ৬টা স্থানত তালাচী চলোৱাক লৈ তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে আম আদমী পার্টীয়ে।

 

(RT)