অবৈধ স্বামী-কাজি শ্বাহাদত ইছলাম

Pc The Indian Express
অবৈধ স্বামী
     চাৰিআলিটোৰ কোণত থকা প্ৰকাণ্ড আমগছজোপাৰ তলত মানুহৰ জুম ।ঊৰ্ধমুৱা জুমটোত মহিলা মানুহৰ সংখ্যা বেছি।সকলোৰে নাকত ৰুমাল অথবা কাপোৰ।কিছু কান্দোনৰ ৰোল,কিছু মিশ্ৰিত হুলস্থূল, ছাইৰেণ আৰু এম্বুলেন্সৰ শব্দত পৰিৱেশ উখল মাখল।  সকলোৰে মুখত এটাই কথা-“তাই এনে নকৰি অলপ ধৈৰ্য ধৰিব লাগিছিল।”  আচলতে ছানিয়াই কমবয়সতে ভালপাই বিয়া হোৱা ল’ৰাজনক অবৈধ স্বামী বুলি পুলিচে ধৰি লৈ যোৱাত তাই চৰম পন্থাটো বাছি লৈছিল।
কাজি শ্বাহাদত ইছলাম