অবিৰত সংগ্ৰামৰ অন্য এটি নাম ডক্টৰ বিৰুবালা ৰাভা- স্বাগতা বৰুৱা গোস্বামী

Pc Wikipedia

অবিৰত সংগ্ৰামৰ অন্য এটি নাম ডক্টৰ বিৰুবালা ৰাভা

কৰ্ম ই ধৰ্ম আমি সদায় কৰ্ম কৰি যাব লাগে,কিন্তু ফললৈ আশা কৰিব নালাগে।কাৰণ ভাল কামৰ স্বীকৃতি মানুহে এদিন নহয় এদিন হ’লেও পায়েই।সেইবাবে সদায় নিঃস্বাৰ্থ ভাবে আমি আমাৰ কামবোৰ কৰি যাব লাগে।অসমীয়াত এষাৰ কথা আছে “যত্ন কৰিলে ৰত্ন পায়”। অৰ্থাৎ ৰত্ন অতি মূল্যবান সম্পদ।এই মূল্যৱান ৰত্নবিধ পাবলৈ হ’লে আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব।আমাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি এ.পি.জে আব্দুল কালামৰ মতে আমাৰ এটা লক্ষ্য থাকিব লাগিব আৰু সেই লক্ষ্য পূৰণৰ বাবে আমি সপোন দেখিব লাগিব। তেওঁৰ মতে” সপোন সেইটো নহয় যিটো ৰাতি টোপনিত দেখে। সপোন সেইটোহে যি সপোন পূৰণৰ বাবে টোপনি নাহে।”আমি যদি আমাৰ মহান ব্যক্তি সকললৈ চাওঁ।সকলোৱে কিন্তু বিভিন্ন ঘাত-প্ৰতিঘাত নেওঁচিও নিজ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছিল।কাৰণ তেওঁলোকৰ লক্ষ্য স্থিৰ আছিল আৰু ইয়াৰ জড়িয়তে তেওঁলোকে ৰত্ন বুটলিবলৈ সক্ষম হৈছিল।তেনে এগৰাকী অন্যতম নাৰী হৈছে ডক্টৰ বিৰুবালা ৰাভা।নিজ গুণেৰে উদ্ভাসিত হোৱা এগৰাকী সাহসী মহিলা,২০১১ চনত “মিছন বিৰুবালা”ৰ জন্মদাতা যি ২০২১ চনত ৰত্ন অৰ্থাৎ “পদ্মশ্ৰী”বটা পাবলৈ সক্ষম হৈছে।তেখেতে আজিৰ অৱস্থা পাবলৈ বহুতো সংগ্ৰাম কৰিব লগীয়া হৈছিল।অসম-মেঘালয় সীমান্তৰ ঠাকুৰবিলা গাঁৱত জন্ম হোৱা বীৰুবালা ৰাভাৰ পুত্ৰ দুৰ্ভাগ্যজনক বাবে মানসিক ৰোগত আক্ৰান্ত হৈছিল।মানুহ সামাজিক প্ৰাণী।সমাজে কিবা এটা বস্তু বিশ্বাস কৰাৰ দৰে বিৰুবালাইও আন দহজনৰ দৰে ৰোগীয়া পুত্ৰক লৈ সাধকৰ ওচৰত উপস্থিত হ’ল।সাধকে ক’লে তেওঁৰ পুত্ৰৰ তিনিদিন ৰ পিছত মৃত্যু হ’ব।দুখত ম্ৰিয়মান হৈ বিৰুবালা ঘৰমূৱা হ’ল।কিন্তু সৌভাগ্যৰ কথা যে তেওঁৰ পুত্ৰৰ মৃত্যু নহ’ল।তেতিয়াই বিৰুবালাৰ মনৰ পৰা অন্ধবিশ্বাস বোলা বস্তুটো উঠি গ’ল আৰু অন্ধবিশ্বাসৰ বিপৰীতে থিয় দিবলৈ ল’লে।এইবোৰ কামৰ বাবে তেওঁক সমাজৰ পৰা এঘৰীয়া কৰিলে।কিন্তু বিৰুবালাই সেইবোৰ কথালৈ তিলমানো ভ্ৰুক্ষেপ নকৰি নিজৰ লক্ষ্য স্থিৰ কৰি আগবাঢ়ি গ’ল।২০০১ চনত তেওঁ অসম মহিলা সমতা ছ’চাইটীৰ লগত লগ হৈ আগবাঢ়ি যাবলৈ বহুত খিনি সাহস পায়।তাৰপিছত ২০০৫ চনত তেওঁৰ এই সাহসী পদক্ষেপৰ বাবে শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত হয়।২০১৫ চনৰ ৩০ মাৰ্চত গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী আগবঢ়ায়।শেহতীয়াকৈ লাভ কৰিলে সন্মানীয় পদ্মশ্ৰী বটাঁ।আজি এইখিনি অৱস্থা পাবলৈ তেওঁ বহুতো কটুক্তি,সমালোচনা,বাধা-বিঘিনি,ৰোগ-ব্যাধি আদিৰ দৰে বহুতো সমস্যাৰ সন্মুখীন হৈছিল তথাপিও মনৰ সাহসেৰে লক্ষ্যস্থিৰ কৰি গোটেই বিশ্বতে তেখেতৰ নাম সোণালী আখৰেৰে জিলিকাবলৈ সক্ষম হ’ল।

স্বাগতা বৰুৱা গোস্বামী