অপৰাধীৰ সংজ্ঞা, কভিড ১৯ ৰ প্ৰটক’ল আৰু অসমৰ জনতা–ফখৰুদ্দিন আহমেদ

pc-indiafiling

অপৰাধীৰ সংজ্ঞা, কভিড ১৯ ৰ প্ৰটক’ল আৰু অসমৰ জনতা
~~~~~~

ফখৰুদ্দিন আহমেদ

তেতিয়া যিমান সম্ভব মোৰ বয়স সাত কি আঠ বছৰ। চনটো ঠিক মনত নাই যদিও ইং ১৯৭৭ বা ১৯৭৮ মান হ’ব। আমাৰ গাঁৱৰ মহাজন বুলি খ্যাত মৰহুম আমিন আলি হাজ্বী চাহেবৰ ঘৰত চুৰি কাৰ্য সংঘটিত হোৱা বুলি প্ৰচাৰ হোৱাত ময়ো তেখেতৰ ঘৰত গৈ উপস্থিত হোৱা মনত আছে। তাত গৈ দেখিছিলো যে তেখেতৰ উত্তৰ দিশত থকা ঘৰটিৰ উত্তৰ ফালৰ বেৰ খনৰ তলেৰে থিয় হৈ মানুহ পাৰ হ’ব পাৰা এটি গাঁত। যিটোক সিন্ধি বুলি কোৱা হয়। সেই দিনা ৰাতি চোৰে যিমান পাৰি তেখেতৰ সেই ঘৰটিত থকা সা-সম্পত্তি সিন্ধিটোৰে সৰকাই লৈ গৈছিল।
দৰং জিলাৰ ছিপাঝাৰ মৌজাৰ
সানোৱা আৰু গৰুখুটী অঞ্চলৰ ঠিক মাজৰ সীমনাত প্ৰতিষ্ঠিত জয়মতী কুঁৱৰী বালিকা বিদ্যাপীঠত ইং ১৯৯৪ নে ১৯৯৫ চনত এদিন ৰাতি কাৰ্যালয় কোঠালীটোত চুৰি কাৰ্য সংঘটিত হৈছিল। চোৰে আনি কিবা কিবি সা-সৰঞ্জামৰ সৈতে বিদ্যাপীঠৰ হাৰমনিয়াম খনিও লৈ গৈছিল। পিছে পিছদিনা হাৰমনিয়াম খনি গাঁৱৰ দক্ষিন দিশত থকা সৰিয়হ তলিত পোৱা গৈছিল। হয়তু চোৰে হাৰমনিয়াম খনি বজাব নাজানিছিল । সেয়ে অনাবশ্যক বুলি গন্য কৰি পেলাই থৈ গৈছিল।
ইং ২০০৩ চনত দৰং জিলালৈ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিছিলহি বিশিষ্ট সাহিত্যিক শ্ৰদ্ধাৰ খবিৰ আহমেদ চাৰ। আহমেদ চাৰক আমাৰ গাঁৱলৈ আমন্ত্ৰন জনোৱাত তেখেতে আমন্ত্ৰন ৰক্ষা কৰি সানোৱা হাই মাদ্ৰাছাৰ এখন সভাত যোগদান কৰি মনৰ ভাব উপস্থিত ৰাইজৰ স’তে আদান প্ৰদান কৰিছিল। তেখেতে বক্তব্যত চোৰ সম্পৰ্কত আমোদজনক সঁচা কাহিনী ব্যক্ত কৰিছিল। তেখেতে এ পি এছ ৰ মৌখিক পৰীক্ষাত অবতীৰ্ন হৈ গুৱাহাটীৰ পৰা ৰেলেৰে যোৰহাটলৈ ঘুৰি গৈছিল। ৰেলত তেখেতে এযোৰ পেন্ট চাৰ্ট , গামোছা আৰু শিক্ষাগত অৰ্হতাৰ অৰিজিনেল ডকুমেন্ট সম্বলিত বেগটো মুৰত গাৰু হিচাপে লৈ শুই পৰিছিল। সাৰ পোৱাৰ পিছত দেখিছিল যে বেগটো নাই । মানে কোনোবাই চুৰ কৰি লৈ গৈছে। তেখেতে বেদনাহত হৃদয়েৰে ঘৰ পোৱাৰ পিছত মনোকষ্টত খোৱা লোৱা আৰু টোপনি পৰ্যন্ত নোহোৱা হৈ গৈছিল। কিন্তু ভাগ্য তেখেতৰ প্ৰতি প্ৰসন্ন আছিল । কেইদিন মানৰ মুৰত চোৰে তেখেতৰ ডকুমেন্টত থকা ঠিকনাত শিক্ষাগত অৰ্হতাৰ নথি পত্ৰবোৰ ডাকযোগে পঠিয়াই দিছিল। চোৰে লগত দিয়া চিঠি খনত লিখিছিল যে পেন্ট চাৰ্ট আৰু গামোছাখন সিহতৰ কামত অহাৰ বাবে ৰাখি দিলে। শিক্ষাগত অৰ্হতাৰ নথি পত্ৰবোৰ কামত নহাৰ বাবে পঠিয়াই দিলে। টকা থকা বুলি বেগটো চুৰ কৰি নিছিল যদিও এটকাও নাপাই শ্ৰদ্ধাৰ খবিৰ আহমেদ চাৰক চোৰ কেইটাই বহুত বেয়া পাইছে।
সাম্প্ৰতিক সময়ত ওপৰোল্লেখিত বৈশিষ্ট্যৰ চোৰ পাবলৈ বিৰল। কাৰন এতিয়াৰ চোৰে ঘৰত সিন্ধি খান্দি গোটেই ৰাতিটো নষ্ট নকৰে , কোনো বিদ্যালয়ত চুৰি কাৰ্য সংঘটিত কৰিলেও হাৰমনিয়াম খন লৈ নাযায় । মাজে সময়ে বাতৰি কাকত বা নিউজ চেনেল/ পৰ্টেলত প্ৰচাৰ হৈ থকাৰ দৰে বিদ্যালয়ৰ পৰা কম্পিউটাৰহে চুৰ কৰিব। ৰেলত শুই অহা মানুহৰ বেগ চুৰি নকৰে বৰঞ্চ বন্ধুত্ব পুৰ্ন সম্পৰ্ক কৰি বেগত টকা আছে নে নাই তাক খাটাং কৰিহে চোৰে ব্যবস্থা গ্ৰহন কৰিব।মানে সঁচা অৰ্থত ক’বলৈ গ’লে চোৰ সকলৰ চুৰি কাৰ্যও আজি কালি ডিজিটেলিহে সম্পন্ন হয়। ডিজিটেলি সম্পন্ন হোৱা চুৰি কাৰ্যৰে দেশ তথা ৰাজ্যৰ জনজীৱনক অতিষ্ঠ কৰি তোলা হৈছে।
পুৰ্বে চুৰি , ডকাইটি আৰু হত্যা তথা অন্যান্য অপৰাধমূলক কান্ডত জৰিত সকলৰ ব্যক্তিগত জীৱনত পালন কৰা ধৰ্মৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাছিল। কোনো অপৰাধ কান্ডত জৰিত সকলক অপৰাধী হিচাপেই ব্যবস্থা গ্ৰহন কৰা হৈছিল। অপৰাধীৰ অপৰাধ কান্ডই বিভিন্ন ধৰ্মৰ ধৰ্মাৱলম্বীলোক সকলক ধৰ্মীয় ভাবে প্ৰভাবিত কৰিব পৰা নাছিল। সকলোৱে ঐক্যবদ্ধ ভাবে হিন্দু , মুছলমান , শিখ আৰু খ্ৰীষ্টান আদি ভাগত বিভক্ত নহৈ মানুহ হিচাপে অপৰাধ কান্ডৰ তীব্ৰ বিৰোধীতা কৰিছিল।
কিন্তু সাম্প্ৰতিক সময়ত ৰাজনীতিৰ ছত্ৰচায়াত অপৰাধীৰ অপৰাধ কান্ডৰো ধৰ্মীয়কৰন হৈ গ’ল। বিশেষকৈ কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া আৰু বি জে পিৰ পাছ বছৰীয়া শাসনকালত এই সকলোবোৰেই যেন সহজলভ্য হৈ পৰিল।গাঁৱলীয়া সমাজৰ পৰা চহৰীয়া আৰু নগৰীয়া সমাজবোৰেও যেন একাকাৰ হৈ পৰিল ধৰ্মীয়কৰনৰ দোষত। কংগ্ৰেছৰ শাসন কালত দূৰ্নীতিৰ পোহাৰ মেলা এ পি এচ ছিৰ ৰাজপত্ৰিত বিষয়া বাচনিৰ পৰা আৰম্ভ কৰি এটি সৰু অপৰাধত পৰি থানালৈ যাবলগা হোৱা লোকৰ ক্ষেত্ৰটো হস্তক্ষেপ হৈছিল অসমৰ শাসনৰ কেন্দ্ৰ বিন্দু দিছপুৰৰ পৰা। কংগ্ৰেছৰ শাসন কালত ধৰ্মীয় মেৰুকৰনৰ দ্বাৰাও চম্ভালা হৈছিল ৰাজ্যৰ ৰাজনীতি।বেছি ভাগ ক্ষেত্ৰতেই সংখ্যালঘূ মুছলমান সকলে প্ৰাধান্য পোৱাৰ বিপৰীতে অসমৰ খিলঞ্জীয়া হিন্দু আৰু মুছলমান সকলক নিকৃষ্ট ৰাজনীতিৰে বঞ্চিত কৰি ৰখা হৈছিল।কংগ্ৰেছী ৰাজনীতিৰ অভিশাপত অসমৰ বিধান সভালৈ খিলঞ্জীয়া মুছলমানৰ পৰা এজনেও প্ৰতিনিধিত্ব কৰাৰ সুবিধাৰ পৰা সম্প্ৰতি বঞ্চিত হ’বলগা পৰিস্থিতিৰ সৃষ্টি হৈছে।
মন কৰিবলগা বিষয়টি হৈছে সংখ্যালঘু মুছলমান সকলক কংগ্ৰেছৰ আঁচনিয়ে ঢুকি পোৱাৰ আগতে উদৰস্থ কৰা কংগ্ৰেছী নেতাবোৰ ধনী হৈ গ’ল কিন্তু সংখ্যালঘু মুছলমান সকলৰ জীৱন আৰু জীবিকাৰ মানদন্ড উন্নত নহ’ল। উৎপাদন হ’ল কেইজন মান সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ ৰাজনৈতিক নেতাৰহে।
পাকে প্ৰকাৰে ত্ৰয়োদশ শতিকাৰ পৰা অসমত বসবাস কৰি অহা থলগিৰি মুছলমান সকলক ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাত লোৱা কংগ্ৰেছৰ নেতিবাচক আঁচনি সাম্প্ৰতিক সময়ত যেন সফল হোৱাৰ দিশত।
বি জে পিৰ শাসন কালতো যেন মুছলমান সকলক কৰা মানসিক দমন তিলমানো কমি যোৱা নাই । বিগত ইং ২০২০ বৰ্ষত নিজামুদ্দিন মৰ্কজক কভিড ১৯ ৰ সংক্ৰমনত জৰিত কৰা ৰাজনৈতিক প্ৰক্ৰিয়াত তদানিন্তন বি জে পি চৰকাৰখনে দিয়া হাত উজান বিচাৰ্য বিষয়। সেই সময়ত নিজামুদ্দিন মৰ্কজৰ লগত তবলীগী কাৰ্যত জৰিত সকলৰ নাম , ঠিকনা আৰু ফোন নম্বৰ সহ চৰকাৰী ভাবে প্ৰকাশ আৰু প্ৰচাৰ কৰি অসমবাসীক সজাগ আৰু সচেতন কৰি দিয়া হৈছিল। এইটো এটা শলাগিবলগা পদ্ধতি আছিল । কিন্তু চলিত বৰ্ষত কুম্ভমেলাৰ পৰা হোৱা কভিড ১৯ ৰ সংক্ৰমনৰ সময়ত কিন্তু অসমৰ পৰা কুম্ভমেলালৈ যোৱা হিন্দু ভাই সকলৰ নিজামুদ্দিন মৰ্কজলৈ যোৱা মুছলমান সকলৰ দৰেই নাম , ঠিকনা আৰু যোগাযোগ নম্বৰো চৰকাৰী ভাবে প্ৰকাশ আৰু প্ৰচাৰ কৰি জনসাধাৰনক সজাগ আৰু সচেতন কৰিবলগা আছিল। কিন্তু তেনে কাৰ্যৰ পদক্ষেপ চৰকাৰৰ তৰফৰ পৰা গ্ৰহন কৰা দৃষ্টিগোচৰ নহ’ল। চৰকাৰৰ তোষামোদকাৰী নিউজ চেনেল , নিউজ পৰ্টেল আৰু বাতৰি কাকত বিলাকৰ হালধীয়া সাংবাদিকতাৰ বিষয়বোৰ উত্থাপন নকৰিলোৱেইবা। নিজামুদ্দিন মৰ্কজৰ প্ৰসংগক কভিড ১৯ ৰ সংক্ৰমনক এনে ধৰনে উপস্থাপন কৰা হৈছিল যেন পৃথিবীৰ বিভিন্ন দেশ আৰু ভাৰতত হোৱা সংক্ৰমনৰ বাবে নিজামুদ্দিন মৰ্কজেই একমাত্ৰ দায়ী। তিৰুপতি মন্দিৰৰ পৰা আৰম্ভ কৰি বিভিন্ন গীৰ্জা , গুৰুদ্বাৰ আদিত পৰিস্থিতি সাপেক্ষে বন্দী হৈ থকা আন ধৰ্মৰ ভক্তপ্ৰান সকলৰ কথা চৰকাৰ তথা নিউজ চেনেল , নিউজ পৰ্টেল আৰু বাতৰি কাকত বোৰে প্ৰকাশ আৰু প্ৰচাৰ কাৰ্যত কোনো ধৰনৰ গুৰুত্ব আৰোপ নকৰা কাৰ্য সঁচাকৈয়ে মন কৰিবলগা আছিল।
এ আই ইউ ডি এফ দলৰ ধিং সমষ্টিৰ বিধায়ক মৌলানা আমিনুল ইছলামে কভিড ১৯ ক লৈ সাম্প্ৰদায়িক মন্তব্য কৰা কাৰ্যত অসম চৰকাৰে তদন্ত কৰি বিধায়ক গৰাকীক জেল হাজোতলৈ প্ৰেৰন কৰিছিল। কিন্তু মুখ মেলিলেই ইছলাম ধৰ্ম , হজৰত মহম্মদ ছঃ আৰু মুছলমান সকলক কটু মন্তব্যৰে ব্যতিব্যস্ত কৰি থকা হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেব আৰু তথাকথিত হিন্দুত্ববাদী স্বয়ম্ভু নেতা সত্য ৰঞ্জন বৰাৰ ক্ষেত্ৰত কিন্তু চৰকাৰ বাহিনী বেচ নিৰব হৈ থাকিল।
বিশেষকৈ চৰকাৰে জনসাধাৰনৰ বাবে জাৰি কৰা কভিড ১৯ ৰ প্ৰটক’ল ভংগ কৰাৰ বাবে অসমৰ বিভিন্ন ঠাইত জনসাধাৰনক আৰক্ষীয়ে শাস্তি প্ৰদান কৰাৰ দৃশ্য চ’চিয়েল মেডিয়াত সম্প্ৰতি সুলভ। কিন্তু বিগত ইং ২০২০ চনৰ পৰা সাম্প্ৰতিক মুহূৰ্তলৈ কভিড ১৯ ৰ প্ৰটক’ল ভংগ কৰাৰ ক্ষেত্ৰত শাসকীয় মন্ত্ৰী , বিধায়কৰ লগতে বিৰোধী পক্ষৰ বিধায়ক সকলো পিছ পৰি থকা নাই। বি টি আৰৰ নিৰ্বাচন , অসম বিধান সভাৰ নিৰ্বাচন , ৰাজনৈতিক নেতা কৰ্মীৰ যোগদান পৰ্ব , মন্ত্ৰী-বিধায়ক-নেতা- কৰ্মীৰ সভা ,অলিম্পিয়ান লাভলিনাক উৎসাহিত কৰিবলৈ শাসক বিৰোধীয়ে উলিওৱা চাইকেল ৰেলী ইত্যাদি কোনো ক্ষেত্ৰতে কভিড ১৯ ৰ প্ৰটক’ল ৰক্ষা নোহোৱা অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে। শাসক-বিৰোধী একেলগ হৈ কোনো কাৰ্য সম্পন্ন কৰিলে কভিড ১৯ ৰ সংক্ৰমন নহয় নেকি? তাকো ঈদ উজ্ জ্বোহাৰ দৰে দিনত অলিম্পিয়ান গৰাকীক উৎসাহিত কৰিবলৈ উলিওৱা চাইকেল ৰেলীত উদ্দেশ্য প্ৰনোদিত ভাবেই অসমৰ মুছলমান বিধায়ক আৰু ৰাইজক বিৰত যে ৰখা হ’ল সেয়া বেলিৰ পোহৰৰ দৰেই সঁচা।
কভিড ১৯ ৰ প্ৰটক’ল ৰক্ষা কৰিবলৈ গৈ অসমৰ মধ্যবিত্ত আৰু খুচুৰা ব্যবসায়ী সকল অৰ্থনৈতিক ভাবে বাৰুকৈয়ে জুৰুলা হৈছে। কোনো কোনোৱে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহন কৰিবলৈ বাধ্য হৈছে। কিছুমানে অসৎ উপায়ে ধন উপাৰ্জন কৰিবলৈ গৈ আৰক্ষীৰ হাতত ধৰা পৰিছে। চৰম বিপৰ্যয়ত পতিত হৈছে সাধাৰন ৰাইজৰ জীৱন।কভিড ১৯ ৰ প্ৰটক’ল ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰী পক্ষৰ ভূমিকা দেখিলে অনুভব হয় ” চৰকাৰে কৰিলে লীলা , জনতাই কৰিলে আৰক্ষীৰ হতুৱাই ধৰি ধৰি কিলা ” ৰ লেখীয়া হৈছে গৈ। এনে ধৰনৰ কাৰ্যত সাধাৰন জনতাক বিভ্ৰান্তিয়ে বাৰুকৈয়ে বিমোৰত পেলাইছে।
মুখ্যমন্ত্ৰী মহোদয়ৰ অপৰাধ মুক্ত অসমৰ প্ৰক্ৰিয়াত গ্ৰেপ্তাৰ হোৱা বহু অপৰাধী আৰক্ষী বেষ্টনীৰ পৰা পলায়ন কৰিবলৈ বিচৰাৰ বাবে এনকাউন্টাৰৰ বলি হৈছে। অপৰাধীয়ে আৰক্ষীৰ পৰা অস্ত্ৰ কাঢ়ি পলাব বিচৰা আদি কান্ডৰ বাবে এনকাউন্টাৰ হওক ।কিন্তু আৰক্ষীয়ে নিজৰ সদনামৰ বাবে মিছা এনকাউন্টাৰৰ আশ্ৰয় নলওক। লগতে এনকাউন্টাৰ আৰু অপৰাধ কান্ডৰ বাবে গ্ৰেপ্তাৰ হোৱা অপৰাধী সকলৰ ক্ষেত্ৰত নিউজ চেনেল , নিউজ পৰ্টেল আৰু বাতৰি কাকতবোৰত একেজন অপৰাধীক একেটা বাতৰিত এপিনে চুৰি কাৰ্যত জৰিত আৰু মাফিয়া শব্দ ব্যবহাৰ কৰি সাধাৰন জনতাক বাৰুকৈয়ৰ বিভ্ৰান্তিত পেলোৱা দৃষ্টিগোচৰ হৈ আছে। এজন চোৰ কেতিয়াও মাফিয়া হ’ব নোৱাৰে।
দৃষ্টিগোচৰ হোৱা এটি দিশ হ’ল অসমৰ ৰাইজে কোনো অপৰাধীৰ ক্ষেত্ৰতে সহমৰ্মিতা প্ৰকাশ কৰা নাই। অপৰাধ মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ৰ লগত ৰাইজ থিয় হৈছে। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমৰ আগত কোনো কোনো বিষয়ত দিয়া দায় সৰা মন্তব্য প্ৰদানৰ পৰা বিৰত থাকিলে সেয়া সোনত সুঁৱগা চৰোৱাৰ দৰে হ’ব।
মুঠৰ ওপৰত অপৰাধ আৰু অপৰাধীৰ চিনাকী বা প্ৰচাৰৰ ক্ষেত্ৰত ধৰ্মীয় প্ৰবনতা পৰিহাৰ কৰি সংবিধান মৰ্মে উপযুক্ত শাস্তিৰ ব্যবস্থা হওক।তেতিয়া হ’লে দেশ বা ৰাজ্যত অপৰাধ কমি যাব ।নহ’লে ধৰ্মীয় আফিঙৰ প্ৰয়োগৰ দ্বাৰা ৰাজনৈতিক নেতা সকল লাভবান হৈ থাকিব , জনসাধাৰন নিতৌ ন ন বিপৰ্যয়ৰ সমূখীন হৈ থাকিব। কেৱল অপৰাধীৰ প্ৰকৃত সংজ্ঞা নিৰূপন কৰি অপৰাধীক উপযুক্ত ভাবে আৰু শূন্য সহনশীলতাৰে দৃষ্টান্তমূলক শাস্তি প্ৰদানেৰে জনসাধাৰনৰ সমূখত উপস্থাপনহে কৰিব লাগিব।