অপেক্ষা – শ্ৰীসত্যেন বৰ গোহাঁই

অপেক্ষা
শ্ৰীসত্যেন বৰ গোহাঁই
মানৱতা হেৰাই গ’ল
সংবিধান কাৰোবাৰ পকেটত সোমাল
আইনে হাৰ মানি
নিৰাপদ স্থানৰ সন্ধান কৰি আছে
তথাপি আশা কৰি আছোঁ
বৰষুণ জাকলৈ
ধুই চাফা কৰি উটুৱাই নিব
যত মলি আৱৰ্জনা
উতলা পানীৰ ভাপত
ছেঙালুটি মাৰি
অন্তৰীক্ষত জ্বলি থকা
নিষ্প্ৰভ তৰাটিৰ ফালে চাই ।