অনুভৱে বাগৰ সলায় – দিপ্তী মনি গোস্বামী

অনুভৱে বাগৰ সলায়

দিপ্তী মনি গোস্বামী, লখিমপুৰ

অনুভৱে বাগৰ সলায়
আয়ুসৰ লগে লগে
পূব আকাশৰ ৰাঙলী বেলি
আৰু ৰূপোৱালী তৰাবোৰ
একেই থাকে নিজৰ ঠাইতে!
অনুভৱবোৰ সলনি হয়
পাখি ভঙা পক্ষীৰ
সপোনৰ পম খেদি।
পাখি থুতিয়াওতেই
দেখা সপোন
অলিক কল্পনা,
সকলো মৰীচিকা!
পাখি গজাৰ পিছত
সময়ৰ হাতত
মানসিকতাৰ বেৰত।
তথাপিও,
সপোনে আশা দেখে
তৰা লেখে
অস্ত বেলিৰ পৰলৈ
ক্ষীণ আশা এটা
বুকুত বান্ধি লৈ।