অনুভূতি খুজি তুমি মোৰ চহৰলৈ নাহিবা – এ.আৰ ৰহমান

PC - Foliage Friend

অনুভূতি খুজি তুমি মোৰ চহৰলৈ নাহিবা

এ.আৰ ৰহমান

আবেগৰ বশৱৰ্তী হৈ অনুতপ্ত হৃদয় লৈ
অনুভূতি খুজি তুমি মোৰ চহৰলৈ নাহিবা
মই নিজেই এতিয়া আবেগ-অনুভূতিহীন শুকান কাব্য।
মোক জ্বলাই দিবা মই জ্বলিম
তিয়াই দিবা তিতিম।
মই মোক হেৰুৱাই আহিছোঁ কোনো অচিন বাটত
আজি মোৰ মাজত মই নাই,
মই যেন প্ৰাণৱন্ত এটি অলীক জঁকা।
আজি মোৰ মাজত যি দেখিছা
সেয়া তোমাৰ প্ৰতিফলন
যি দেখা নাই সেয়াও তোমাৰেই প্ৰতিদান।
বহু ৰঙীন সপোন মই চিগাৰেটৰ ধোঁৱাত সত্কাৰ হোৱা দেখিছোঁ
বহু আপোন মানুহক মই ক্ষণিকতে বাট সলোৱা দেখিছোঁ।
জীয়াই থাকোঁতে নৰক দেখা মানুহৰ বাবে
বিষাদৰ সংজ্ঞা অৰ্থহীন,
তথাপিও কওঁ, বিষাদ আছে বাবেই
মানুহবোৰ আজিও মানুহ হৈ আছে।
স্বপ্ন বিভোৰ প্ৰতিটো তৃষ্ণাতুৰ নিশা
মোক পান কৰোৱা হয় চহৰৰ সমস্ত দুখ
অপৰাধ এটাই
মই প্ৰেমিক
মই কবি।
অনুভূতি খুজি তুমি মোৰ চহৰলৈ নাহিবা
মই নিজেই এতিয়া আবেগ-অনুভূতিহীন শুকান কাব্য।