অনুভূতি- অখিল কুমাৰ বৰুৱা

Pc- Medium

অনুভূতি

সেই যে শৈশৱৰ
চেচোঁৰে খন্দা পথাৰখন
ঠায়ে ঠায়ে পৰি ৰোৱা
শামুকৰ খোলাবোৰ
কাৰোবাৰ ভৰিৰ গছকত
বাজিছে যেন চনচনাই
ক’ত গ’ল আজি,সেই সোনালী পথাৰখন
আছে মাথো কিট পতঙ্গৰ
বিকৃত ৰূপ
ৰোৱনি দাৱনিৰ খোজত
মৰহি গ’ল সেই পথাৰখন
কাষতে থকা কুলু কুলু ধ্বনিৰে
বৈ যোৱা জান জুৰি
উঠলি উঠা যৌৱন জীৱন
প্ৰানোঞ্জল হাঁহি
ক’ত গ’ল সেই অতীতৰ
ভাল লগা অনুভূতিবোৰ
স্তব্ধ হল মনৰ হেপাঁহ

অখিল কুমাৰ বৰুৱা