অতি সোনকালে ৰেচনৰ দোকানতো পোৱা যাব পাৰে সুৰা

Pc The Janambhumi

অতি সোনকালে ৰেচনৰ দোকানতো পোৱা যাব পাৰে সুৰা

ৰঙিলী বাৰ্ত্তাসেৱা-  অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচ শ্বপ ডিলাৰ ফেডাৰেচনে ৰেচন দোকানত সুৰা বিক্ৰী কৰাৰ অনুমতি বিচাৰি কেন্দ্ৰলৈ পত্ৰ লিখিছে।পত্ৰখন ২০ ছেপ্টেম্বৰত খাদ্য আৰু যোগান মন্ত্ৰালয়ৰ প্ৰধান সচিব সুধাংশু পাণ্ডেলৈ প্ৰেৰণ কৰা হৈছিল।পত্ৰখন অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচ শ্বপ ডিলাৰ ফেডাৰেচনৰ দ্বাৰা জাৰী কৰা হৈছিল।তেওঁলোকৰ দাবীসমূহ যুক্তিসঙ্গতভাৱে বিবেচনা কৰাৰ বাবে সংগঠনটোৰ সাধাৰণ সম্পাদক বিস্বম্বৰ বসুৱে কেন্দ্ৰীয় খাদ্য মন্ত্ৰী পীয়ুষ গোৱেল, কেন্দ্ৰীয় বিত্ত সচিব, কেন্দ্ৰীয় ৰাজহ সচিব, কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা আৰু খাদ্য মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু খাদ্য আয়ুক্ত আৰু সকলো ৰাজ্যৰ খাদ্য সচিবলৈ পত্ৰখনৰ এটা প্ৰতিলিপি প্ৰেৰণ কৰিছে।ৰেচন ব্যৱসায়ীসকলে দাবী কৰে যে কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰেচন দোকানবোৰ বচাবলৈ প্ৰয়োজনীয় পদক্ষেপ আৰু সিদ্ধান্ত লোৱা উচিত।ৰাজ্য চৰকাৰসমূহো আগবাঢ়ি আহিব লাগে। সেয়েহে, তেওঁলোকে ৰেচন দোকানৰ পৰা অনুজ্ঞাপ্ৰাপ্ত সুৰা বিক্ৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন কৰিছে।অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচ ডিলাৰ ফেডাৰেশ্যনে প্ৰদান কৰা তথ্য অনুসৰি, দেশত চৰকাৰে অনুমোদন জনোৱা ৰেচন দোকানৰ সংখ্যা হৈছে পাঁচ লাখ ৩৭ হাজাৰ ৮৬৮খন।।প্ৰায় আঢ়ৈ কোটি মানুহ এই দোকানবোৰৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ আছে।ব্যৱসায়ীসকলে দাবী কৰিছে যে বৰ্তমানৰ আন্তঃগাঁথনিত ৰেচন প্ৰণালী চলি থকাধৰণে ৰেচন ব্যৱসায়ীসকলে লাভ দেখা নাই।তেওঁলোকে ৰেচনৰ দোকানবোৰ জীয়াই ৰাখিবলৈ বিকল্প উপায়ৰ কথা ভাবিব লাগিব।সেয়েহে, তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক এটা প্ৰস্তাৱৰ ৰূপত সুৰা বিক্ৰী কৰাৰ বিষয়ে অৱগত কৰিছে।ৰেচন ব্যৱসায়ীসকলে আশা কৰে যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সাম্প্ৰতিক পৰিস্থিতিৰ কথা বিবেচনা কৰি সময়মতে সিদ্ধান্ত ল’ব।