অণু গল্প __আহূত — যুতিমালা বৰঠাকুৰ। দেৰগাঁও।

অণু গল্প __আহূত ::::
পুৱতি নিশা কাৰোবাৰ ফুচফুচনিত সাৰ পোৱা শ্ৰুতিয়ে যেতিয়া আগফালৰ বাৰন্দাত ৰৈ জানিলে যে তাইৰ দেউতাকক এঘণ্টাৰ আগত আই, চি ,ইউ-ত ভৰ্তি কৰোৱা হৈছে , শোক চম্ভালি ল’লে যদিও প্ৰচণ্ড খং-ক্ষোভেৰে অৰিন্দমলৈ চাই চিঞৰি ক’লে ___ মোক কিয় কালি ঘৰলৈ যাওঁতে থাকিবলৈ মানা কৰি পঠাইছিলা ? এই বয়সত সেই মানুহহালক সংগদানৰ বাহিৰেতো একো দি সহায় কৰিব নালাগে__তেনে কিয় মই প্ৰায়ে দিনটিয়াকৈ যাব লাগে , মই কিয় থাকিব নোৱাৰোঁ । এতিয়া দেউতা আমাক এৰি যাবগৈ , মই পামনে জীৱিত অৱস্থাত ? __তেনে মানসিক অৱস্থাৰেই শ্ৰুতিয়ে কলেজত পঢ়ি থকা ছোৱালী দুজনীক দিহা -পৰামৰ্শ দি অৰিন্দমৰ লগত হাস্পতালত পালেগৈ । তাইক দেখি শ্বাস -প্ৰশ্বাসৰ যন্ত্ৰ মুখত লৈ থকা দেউতাকৰ মুখত আনন্দৰজেউতি ফিৰিঙতি উঠা তাই দেখিলে ।মৰমেৰে তেওঁৰ হাত দুখনত তাই চুমা দিলে , বুকুখনত হাত বুলালে ।দেউতাকে তেনে অৱস্থাতে ছোৱালীহঁতৰ খবৰ সুধিছে । শ্ৰুতি মানসিকভাৱে প্ৰস্তুত হৈছে দেউতাকক চিৰবিদায় দিবলৈ ___দেউতাকৰ মৃত্যু কম কষ্টতে , সুন্দৰ কথা -বতৰাৰে সমাপন হওক । মাকক তাই কৈছে__”মা , কোনোবা এজনতো আগত যাব লাগিব , দেউতাই যক দিয়া ” । কেইমিনিটমানৰ পাছত দেউতাকৰ দুভৰি সেন্দূৰেৰে ৰঙা হৈ পৰিল ।
যুতিমালা বৰঠাকুৰ।
দেৰগাঁও।