অক্ষয় কৱচ
ৰূপৰ সজাটি সোণৰ শিকলিৰে
আটি আটি বান্ধিলি
সহিব নোৱাৰাকৈ।
পিয়াহত আঙুৰ
প্ৰাণ ছাটি-ফুটি তোৰ
কাৰণো প্ৰাণৰ কথা হিয়াত
সামৰি থলি সখী
নিমাতী ফুল পাহ
কাকনো বিলালি
বিয়াকুল নহʼবি।
গধুৰ হিয়াখন লৈ গীত এটাকে গা
চেলেহ নেলাগে,
আশাৰ অমিয়া সুৰটো
গুণগুণাই দে সখী
পাহৰি যা অনাদৰ অৱহেলা
তোৰ অক্ষয় কৱচটো
পিন্ধাই দিবি,
কবিতাৰ স্তুতি ৰাগ নালাগে ৰচিব!!!!
ৰূপালী মহন্ত