অক্টোবৰ মাহৰ পৰা বহি:ৰাজ্যত সন্ধানহীন অসমৰ যুৱক

অক্টোবৰ মাহৰ পৰা বহি:ৰাজ্যত সন্ধানহীন অসমৰ যুৱক

ৰঙিলী বাৰ্ত্তাসেৱা- বহি:ৰাজ্যত সন্ধানহীন অসমৰ যুৱক । যোৱা অক্টোবৰ মাহৰ পৰা বাংগালুুৰুত কৰ্মৰত দেৰগাঁৱৰ দৈয়ঙ্গীয়া গাঁৱৰ পুতুল বৰা নামৰ যুৱকজনৰ সন্ধান পোৱা নাই। পোন্ধৰ বছৰে বাংগালুৰুত এটা কোম্পানীত কৰ্মৰত হৈ আছিল যুৱকজন। অক্টোবৰ মাহতে ঘৰলৈ আহি আছো বুলি ফোন কৰিছিল পুতুল বৰাই । পুতুল বৰাৰ সৈতে আছিল বহু লক্ষাধিক টকা । লখিমপুৰৰ এজন যুৱকৰ সৈতে আহিছো বুলি কৈছিল পুতুলে। কিন্তু আজিলৈকে ঘৰ আহি নাপালে যুৱকজন। লখিমপুৰৰ যুৱকজনৰ সৈতেও যোগাযোগ কৰিব পৰা নাই পৰিয়ালটোয়ে । পৰিয়ালৰ লোকে কোনোধৰনৰ খবৰ পোৱা নাই । আৰক্ষীৰ কাষ চাপিও একো সঁহাৰি পোৱা নাই পৰিয়ালৰ লোকে। হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালৰ মাজত। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক সহায় ভিক্ষা কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে ।