অংকুৰণ প্ৰকাশনৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ বঁটা বিতৰণী আৰু গ্ৰন্থ উন্মোচন

অংকুৰণ প্ৰকাশনৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ বঁটা বিতৰণী আৰু গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীস্থ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অংকুৰণ প্ৰকাশনৰ পৰা প্ৰকাশিত ৪২ খন গ্ৰন্থ উন্মোচন কৰা হয়।  অনুষ্ঠিত হোৱা অনুষ্ঠানটিৰ আঁত ধৰে টি ভি সাংবাদিকতাৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা ছাত্ৰী দৃষ্টিৰূপা বৰদলৈয়ে। অংকুৰণ প্ৰকাশনৰ স্বত্বাধিকাৰী আৰু পষেকীয়াই আলোচনী অঙ্গনৰ মুখ্য সম্পাদক হেমেন নাথে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিত গল্পপুথিসমূহ উন্মোচন কৰে অসমীয়া সাহিত্য জগতৰ জনপ্ৰিয় ঔপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্যই। একেদৰে শিশু উপযোগী গ্ৰন্থসমূহ উন্মোচন কৰে বৰাক উপত্যকাৰ প্ৰথমজন অসমীয়া সাহিত্যিক, শিল্পী আৰু সাহিত্যিক পেঞ্চন প্ৰাপক সুহাগমণি বৰ্মনে৷ কবিতা পুথিসমূহ উন্মোচন কৰে অসম কাব্য কাননৰ সম্পাদক নৱ ৰাজনে৷ অণুগল্পৰ পুথিসমূহ উন্মোচন কৰে তেজপুৰৰ বিশিষ্ট কবি দীপালী মহন্ত গোস্বামীয়ে আৰু ভ্ৰমণ কাহিনীসমূহ উন্মোচন কৰে গুৱাহাটীৰ লেখিকা অঞ্জু শাণ্ডিল্যই। উল্লেখ্য যে এই অনুষ্ঠানতে অংকুৰণ প্ৰকাশনৰ উদ্যোগত আৰু পষেকীয়াই আলোচনী অঙ্গনৰ সৌজন্যত আয়োজিত গ্ৰন্থ পাণ্ডুলিপি প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কৃত কৰা হয়। গল্প পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে নগাঁওৰ পল্লৱী কোশিক শৰ্মাই লিখা ‘সহযাত্ৰী’ নামৰ গ্ৰন্থখনে। একেদৰে কৰ্ণাটকৰ ৰূপালীম মহন্তই লিখা ‘কথা কোৱা পুতলা’ নামৰ গ্ৰন্থখনে দ্বিতীয় আৰু গুৱাহাটীৰ অংকিতা বৰুৱাই লিখা ‘বৈদেহী’ নামৰ গ্ৰন্থখনে তৃতীয় স্থান লাভ কৰে। গল্প প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ সন্মান লাভ কৰে নতুন দিল্লীৰ শ্যামলিমা কাকতিয়ে লিখা ‘ফাগুনৰ সৰাপাতৰ কথা’ নামৰ গ্ৰন্থখনে। গল্প উন্মোচক হিচাপে অনুষ্ঠানটিত উপস্থিত থকা মণিকুন্তলা ভট্টাচাৰ্যৰ হাতেৰে তেওঁলোকক বঁটা প্ৰদান কৰা হয়। আনহাতে কবিতা পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা ‘ফাগুনৰ কেনভাচত তুমি পলাশ হৈ জিলিকিছা’ নামৰ কবিতা পুথিখনৰ কবি যোৰহাটৰ চিন্ময় বৰুৱা, ‘নৈয়ে গান গায়’ নামৰ দ্বিতীয় স্থানপ্ৰাপ্ত কবিতা পুথিখনৰ কবি যোৰহাটৰ জ্যোতিমণি শইকীয়া, ‘জাফৰিণ কল্পনা মোৰ’ নামৰ তৃতীয় স্থান দখল কৰা কবিতা পুথিখনৰ কবি নতুন দিল্লীৰ শৰ্মীষ্ঠা বৰ্মনক আৰু বিচাৰকৰ বিশেষ সন্মান লাভ কৰা ‘সুগন্ধি বিচাৰি’ নামৰ কবিতা পুথিখনৰ কবি গুৱাহাটীৰ অজন্তা চৌধুৰীক বঁটা প্ৰদান কৰে উন্মোচক নৱ ৰাজনে৷ আনহাতে এই শিতানত নিচুকণি বঁটাৰ বাবে বিবেচিত হোৱা “মৌ কুঁৱৰী” নামৰ কবিতা পুথিখনৰ কবি গোলাঘাটৰ দৰ্শনা কলিতাকো বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে এই বঁটা কবিগৰাকীয়ে অতি কম বয়সতে কবিতা চৰ্চা কৰা হেতুকে তেওঁক উৎসাহিত কৰিবলৈ প্ৰদান কৰা হয়।অণুগল্প পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা ‘অপৰাহ্নৰ একাঁজলি ৰ’দ’ নামৰ গ্ৰন্থখনৰ লেখিকা যোৰহাটৰ বিজুমণি শইকীয়া, দ্বিতীয় স্থান দখল কৰা “এমুঠি” নামৰ গ্ৰন্থখনৰ লেখিকা নতুন দিল্লীৰ শ্যামলিমা কাকতি আৰু তৃতীয় স্থান অধিকাৰ কৰা ‘পাহাৰী নিজৰা’ নামৰ গ্ৰন্থখনৰ লেখিকা নতুন দিল্লীৰ শৰ্মীষ্ঠা বৰ্মনক বঁটা প্ৰদান কৰে উন্মোচক হিচাপে উপস্থিত থকা কবি দীপালী মহন্ত গোস্বামীয়ে। এই শিতানত বিচাৰকৰ বিশেষ সন্মান লাভ কৰা ‘জীৱনৰ ৰং’ নামৰ পুথিখনৰ লেখিকা গোলাঘাটৰ বন্দনা দত্তকো পুৰস্কৃত কৰা হয়। ভ্ৰমণ কাহিনী পাণ্ডুলিপি প্ৰতিযোগিতাত ‘বেলি ডুবাৰ আগে আগে ভূটান’ শীৰ্ষক গ্ৰন্থখনৰ লেখিকা নতুন দিল্লীৰ শৰ্মীষ্ঠা বৰ্মনক প্ৰথম আৰু ‘খেলিমেলি ভ্ৰমণ কাহিনী’ নামৰ গ্ৰন্থখনৰ লেখিকা নতুন দিল্লীৰ শ্যামলিমা কাকতিক দ্বিতীয় পুৰস্কাৰ বিতৰণ কৰে উন্মোচক অঞ্জু শাণ্ডিল্যই। শিশুগ্ৰন্থ পাণ্ডুলিপি প্ৰতিযোগিতাত ‘নিকি ৰিকি আৰু পৰিভ্ৰমী ৰাজহাঁহৰ সাধু’ নামৰ গ্ৰন্থখনৰ লেখিকা যোৰহাটৰ কৃষ্ণাময়ুৰী হাজৰিকাক প্ৰথম পুৰস্কাৰ, ‘দহজন প্ৰথম অসমীয়া’ নামৰ গ্ৰন্থখনৰ লেখিকা মুম্বাইৰ হিৰণ ভূঞাক দ্বিতীয় আৰু ‘লীজা-লিচা আৰু এহাল বালিমাহী’ নামৰ গ্ৰন্থখনৰ লেখিকা যোৰহাটৰ বিজুমণি শইকীয়াক তৃতীয় পুৰস্কাৰ প্ৰদান কৰে সাহিত্যিক সুহাগমণি বৰ্মনে৷শিশু গ্ৰন্থ প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ সন্মান লাভ কৰা ‘নতুন দিনৰ সপোন’ নামৰ গ্ৰন্থখনৰ লেখিকা গোলাঘাটৰ বন্দিতা শৰ্মা কন্দলী আৰু নিচুকনি বঁটা লাভ কৰা ‘আশাৰ ৰেঙণি’ নামৰ গ্ৰন্থখনৰ লেখক যোৰহাটৰ বিৰাজ দত্তকো পুৰস্কৃত কৰা হয়। আনহাতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা মনালিছা পাঠক, বুবুল শইকীয়া, চন্দনা হীৰা, দীপক বৰা, অৰুণিমা শৰ্মা মহাপাত্ৰ, চয়নিকা বৰুৱা, প্ৰস্তুতি শৰ্মা, ৰিতু ভঁৰালী, অনিমা বৰঠাকুৰ আদিকে ধৰি কুৰিজনৰো অধিক লেখক লেখিকাক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে এই অনুষ্ঠানতে কামৰূপৰ কবি পাৰুল ডেকাৰ কবিতা পুথি “তুমি মোৰ প্ৰেৰণা হোৱা, মই হ’ম তোমাৰ প্ৰেয়সী” নামৰ কবিতা পুথিখনো উন্মোচন কৰা হয়। কবিতা পুথিখন উন্মোচন কৰে গুৱাহাটীৰ কবি হিতেশ গোস্বামীয়ে৷ অনুষ্ঠানত প্ৰণৱ প্ৰতীম নাথ, মানসী বৰঠাকুৰ, দিয়া অলিম্যান, হীমাক্ষী পুনম, গৌতম তালুকদাৰ আদিয়ে গীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানৰ শেষৰ ফালে কণমানি ছাত্ৰ ছাত্ৰীসকলে কবিতা পাঠ আৰু গীত পৰিৱেশন কৰি সকলোকে আনন্দিত কৰে।