অংকুৰণ প্ৰকাশনৰ গ্ৰন্থ উন্মোচন

অংকুৰণ প্ৰকাশনৰ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক মনোৰম অনুষ্ঠানত অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী “অংকুৰণ প্ৰকাশন”ৰ পৰা প্ৰকাশিত তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়। বিশিষ্ট লেখক, সাহিত্য সমালোচক হেমচন্দ্ৰ শইকীয়াদেৱৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখনত উন্মোচন হোৱা গ্ৰন্থ তিনিখন হৈছে ড০ ববিতা দত্তৰ দুখন প্ৰৱন্ধ সংকলন ক্ৰমে ‘লোক সংস্কৃতিৰ মাধুকৰী’, ‘নিৰ্বাচিত সাহিত্যৰ বিশ্লেষণ’ আৰু বিপুল বৰুৱাৰ শিশু উপযোগী গ্ৰন্থ ‘সুবাসিত বকুলৰ ছাঁত’। ইয়াৰে ‘লোক সংস্কৃতিৰ মাধুকৰী’ গ্ৰন্থখন উন্মোচন কৰে গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক শ্ৰীযুত সুৰেন্দ্ৰ মোহন হাজৰিকাই, ‘নিৰ্বাচিত সাহিত্যৰ বিশ্লেষণ’ গ্ৰন্থখন উন্মোচন কৰে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক তথা বিশিষ্ট কবি, লেখক ড০ মানিক শইকীয়াই আৰু ‘সুবাসিত বকুলৰ ছাঁত’ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখিকা তথা শিক্ষয়িত্ৰী বন্দনা দত্তই। উল্লেখ্য যে অংকুৰণ প্ৰকাশনৰ স্বত্তাধিকাৰী হেমেন নাথে আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আয়োজন কৰা কবিতা পাঠৰ অনুষ্ঠানত গোপাল কৃষ্ণ বাঢ়ৈ, দীপাংকৰ জ্যোতি বৰা, অনিমা বৰঠাকুৰ, চয়নিকা বৰুৱা, প্ৰস্তুতি শৰ্মা, বিৰাজ দত্ত, বিপুল বৰুৱা, বন্দনা দত্ত, স্বেতা ছেত্ৰী, চিন্ময় বৰুৱা, নিৰ্মালী মহন্ত, বৈভৱী দত্ত, ময়ূৰী ভৰদ্বাজ, অনিতা ঘোষ, নয়ন ফুকন, স্নিগ্ধা দত্ত, প্ৰিয়ম নাথকে প্ৰমুখ্য কৰি কেইবাজনো কবিয়ে কবিতা পাঠ কৰে। একেদৰে ৰশ্মিতা বৰ্মনে নৃত্য প্ৰদৰ্শন আৰু প্ৰণৱ প্ৰতীম নাথে গীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উল্লেখ্য যে এই অনুষ্ঠানত কবিতা, নৃত্য আৰু গীত পৰিৱেশন কৰা প্ৰতিজনকে অংকুৰণ প্ৰকাশনৰ তৰফৰ পৰা মানপত্ৰ প্ৰদান কৰা হয়।