দিগন্ত বিশ্ব শৰ্মালৈ সাহিত্য অকাডেমিৰ সন্মানীয় অনুবাদ বঁটা

pc News Live TV

দিগন্ত বিশ্ব শৰ্মালৈ সাহিত্য অকাডেমিৰ সন্মানীয় অনুবাদ বঁটা

অনলাইন বাৰ্ত্তাসেৱা – ‘ভাৰতীয় সংস্কৃতিৰ ভিত্তি’ শীর্ষক অসমীয়া ভাষাত অনূদিত গ্ৰন্থখনৰ বাবে ২০২০ চনৰ সাহিত্য অকাডেমি অনুবাদ বঁটাৰে সন্মানিত হ’ল বিশিষ্ট লেখক, চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মা আৰু ড° কামেশ্বৰ ব্ৰহ্ম। শ্ৰী অৰবিন্দৰ দ্বাৰা ইংৰাজী ভাষাত ৰচিত ‘দ্য ৰেনেছাঁ ইন ইণ্ডিয়া এণ্ড আদাৰ এছেজ অৱ ইণ্ডিয়ান কালচাৰ’ শীৰ্ষক গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰিছিল দিগন্ত বিশ্ব শৰ্মাই। সাহিত্য অকাডেমিৰ তৰফৰ পৰা বঁটা ঘোষণাৰ পাছতেই নিজৰ অনুভৱ প্ৰকাশ কৰে লেখকগৰাকীয়ে। তেখেতে কয়— এই বঁটা লাভৰ আনন্দৰ কাৰণ হ’ল— মই ভাৰত মাতাৰ প্ৰতি প্ৰেম লৈ জন্ম হৈছিলোঁ। দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া জন্মজয়ন্তী উদযাপনৰ সময়ত ভাৰতীয় সংস্কৃতিৰ ওপৰত প্ৰস্তুত কৰা গ্ৰন্থখনৰ বাবে পুৰস্কাৰ লাভ কৰাটো সঁচাকৈয়ে আনন্দিত হোৱাৰ খবৰ।

(UD.)