“Well fought Lovlina” – প্ৰধানমন্ত্ৰী মোডী

pc India TV News

Well fought Lovlina – প্ৰধানমন্ত্ৰী মোডী

অনলাইন বাৰ্ত্তাসেৱা – প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে টুইট কৰি কয়, “Well fought Lovlina Borgohain!”। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে ২৩ বছৰীয়া বক্সাৰগৰাকীক এনেদৰে অভিনন্দন জনাই। তেওঁ লগতে কয়, “বক্সিং ৰিংত তেওঁৰ সফলতাই বহুতো ভাৰতীয়ক অনুপ্ৰাণিত কৰিছে। তাইৰ দৃঢ়তা প্ৰশংসনীয়।” লক্ষণীয়ভাৱে, বিজেন্দ্ৰ সিং আৰু মেৰী কমৰ পিছত বৰগোহাঁই অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা তৃতীয়জন ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হয়।

(UD.)