Space Xত কৰ্মৰত অসমীয়া অভিযন্তা ভৱানীপ্ৰসাদ শৰ্মাক অভিনন্দন অসম জাতীয় পৰিষদৰ

Space Xত কৰ্মৰত অসমীয়া অভিযন্তা ভৱানীপ্ৰসাদ শৰ্মাক অভিনন্দন অসম জাতীয় পৰিষদৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছৰ মৰ্ত্যলৈ প্ৰত্যাৱৰ্তনত নাছা আৰু স্পেচ এক্সৰ অভিযানত জড়িত অসমীয়া বিজ্ঞানী ভৱানী শৰ্মাক অভিনন্দন জনাইছে অসম জাতীয় পৰিষদে।এক প্ৰেছবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘বিশ্ববাসীক চমকিত কৰি তোলা সুনীতা উইলিয়ামছৰ পৃথিৱীমুখী ৰোমাঞ্চকৰ অভিযানত অসম সন্তান ভৱানীপ্রসাদ শৰ্মাই এগৰাকী অন্যতম অংশীদাৰ হিচাপে নিজৰ সেৱা আগবঢ়োৱাত আমি সুখ অনুভৱ কৰিছোঁ। দৰং জিলাৰ ছিপাঝাৰৰ হাজৰিকাপাৰাত জন্মগ্ৰহণ কৰা তথা কম্পিউটাৰ বিজ্ঞানৰ অভিযন্তা শৰ্মাই মহাকাশচাৰীসকলক পৃথিৱীলৈ ওভতাই অনা অভিযানটোত আগবঢ়াইছিল অৱদান। কর্মসূত্ৰে কেলিফৰ্ণিয়া নিবাসী ভৱানী শৰ্মাৰ এই সফলতাই আমাক আনন্দিত কৰি তুলিছে। ইলন মাস্কৰ মংগল গ্ৰহলৈ মানুহ পঠিওৱা অভিযানৰ লগতো জড়িত হৈ পৰিছিল তেখেত। ছয় সপ্তাহ পূৰ্বে ইলন মাস্কৰ স্পেচ এক্সৰ ড্ৰেগন যানৰ সৈতে জড়িত হৈ এই অভিযানটোত চামিল হৈ পৰে তেখেত।’ভৱানী শৰ্মালৈ উষ্ম অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি নেতাদ্বয়ে কয়, ‘ভৱানী শৰ্মাৰ এই কীৰ্তিয়ে অসমৰ নতুন প্ৰজন্মক বাৰুকৈয়ে অনুপ্ৰাণিত কৰিব বুলি আমি গভীৰভাবে বিশ্বাসী। লুইতপাৰৰ অসমীয়াই একাগ্ৰ সাধনা, অধ্যৱসায় আৰু ঐকান্তিক প্ৰচেষ্টাৰে বিশ্ব সভাত এনেদৰে জিলিকি উঠাত আমি অভিভূত, আহ্লাদিত আৰু গৌৰৱান্বিত।’