North East Artistic Talent Club উদ্যোগত নৰ্থ-ইষ্ট আৰ্টিষ্টিক টেলেন্ট এৱাৰ্ড ২০২২ বৰ্ষ

North East Artistic Talent Club উদ্যোগত নৰ্থ-ইষ্ট আৰ্টিষ্টিক টেলেন্ট এৱাৰ্ড ২০২২ বৰ্ষ, সাংবাদ ৰত্ন বঁটা লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে যুৱ সাংবাদিক মোস্তফা মেহেবুব মোক্তাৰ

মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা- ২২মে’ তাৰিখে গুৱাহাটী চান্দমাৰী পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হোৱা নৰ্থ-ইষ্ট আৰ্টিষ্টিক টেলেন্ট ক্লাৱৰ দ্বি-বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উৎযাপন কৰা হয়।উক্ত দ্বি-বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উৎযাপন অনুষ্ঠানত উপস্থিত থাকে অসম জন-সংযোগ বিভাগৰ উপ-সঞ্চালক পুলিন ডেকা ডাঙৰীয়া,অসম দৈনন্দিন বাৰ্তা, অসম ৰাইনু কাকত আৰু ডিবি নিউজৰ মূখ্যসম্পাদক শংকৰ গোহাঁই ডাঙৰীয়া,বিশিষ্ট সাংবাদিক ,সঞ্চালক বাৰ্তালাভ ( নিউজ এণ্ড মেডিয়া), ND24 চেনেলৰ এংকৰ চক্ৰ পানি পৰাশৰ আৰু ঢোলৰ সম্ৰাট সোমনাথ বৰা দেৱ ।নৰ্থ-ইষ্ট আৰ্টিষ্টিক টেলেন্ট ক্লাৱৰ সভাপতি পিন্টু বৰা মূখ্য সম্পাদক ৰশ্মিৰেখা কাশ্যপ ডাঙৰয়ানী লগতে শদিয়াৰ পৰা আৰম্ভ কৰি ধুবুৰীৰ-বৰপেটাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুতো গন্য-মান্য ব্যাক্তি। নৰ্থ-ইষ্ট আৰ্টিষ্টিক টেলেন্ট ক্লাৱৰ মূখ্য উপদেষ্টা নঞ্জু দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসমীয়া ক’লা সংস্কৃত, সাহিত্য, উদ্যোগ, সংবাদ মাধ্যমৰ লগতে সমাজ সেৱাৰ বাবে বহু ব্যাক্তিক নৰ্থ- ইষ্ট আৰ্টিষ্টিক টেলেন্ট এৱাৰ্ড প্ৰদান কৰে।মৈৰাবাৰীৰ যুৱ সাংবাদিক তথা বেছামাৰী প্ৰেছ ক্লাৱৰ সভাপতি মোস্তফা মেহেবুব মোক্তাৰক ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিক হিচাপে সংবাদ ৰত্ন বঁটা আগবঢ়াই। মোস্তফা মেহেবুব মোক্তাৰক নৰ্থ-ইষ্ট আৰ্টিষ্টিক টেলেন্ট ক্লাৱৰ হৈ এই বঁটা প্ৰদান কৰে অসম জন-সংযোগ বিভাগৰ উপ-সঞ্চালক পুলিন ডেকা ডাঙৰীয়াই।সমগ্ৰ মৰিগাঁও জিলাৰ বাবে গৌৰৱ কঢ়িয়াই অনা মোস্তফা মেহেবুব মোক্তাৰৰ লগতে আৰু দুগৰাকী ব্যাক্তি হ’ল ইছাহাক আলী ডাঙৰীয়া আৰু জহিৰুল ইচলাম।অসম TATA Motorsৰ Morigaon Branchৰ Sales Manager ইছাহাক আলীক ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ উদ্যোগ ৰত্ন বঁটা আৰু মৰিগাঁও জিলাৰ গৰৈমাৰীৰ যুৱক জহিৰুল ইচলামক সমাজ সেৱাৰ বাবে সমাজ সেৱা বঁটা প্ৰদান কৰে। এই দ্বি-বাৰ্ষিক অনুষ্ঠানত এখনি নক্ষত্ৰ নামৰ গ্ৰন্থ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে।