ISRO য়ে ৰচনা কৰিলে আন এক ইতিহাস

ISRO য়ে ৰচনা কৰিলে আন এক ইতিহাস

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ‘ইছৰো’ৱে চলোৱা ভাৰতৰ প্ৰথম সৌৰ অভিযানো সফল হৈছে। নির্দিষ্ট কক্ষপথত সফলভাৱে গৈ উপস্থিত হৈছে ‘আদিত্য এল-১’। পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ দূৰত্ব অতিক্রম কৰি সূৰ্যৰ নিকট কক্ষপথত প্ৰৱেশ কৰিছে ‘আদিত্য এল-১’-এ। আগন্তুক পাঁচ বছৰ ধৰি সূৰ্যৰ এই কক্ষপথতে থাকিব সৌৰযান ‘আদিত্য এল- ১’। পাঁচ বছৰ ধৰি সূৰ্য সন্দৰ্ভত বিভিন্ন তথ্য সংগ্রহ কৰিব এই সৌৰযানখনে। সূর্যক ওচৰৰ পৰা পর্যবেক্ষণ কৰিব ‘আদিত্য এল-১’-এ।  সৌৰ অভিযানৰ সাফল্যৰ খবৰ এক্স (X) যোগে পোষ্ট কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই পোষ্টত উল্লেখ কৰিছে- ‘ভাৰতে আৰু এক মাইল ফলক সৃষ্টি কৰিলে। ভাৰতৰ প্ৰথম সৌৰ পৰ্যবেক্ষণকাৰী মহাকাশযান ‘আদিত্য এল-১’ ইয়াৰ গন্তব্য স্থানত উপস্থিত হৈছে। এয়া আমাৰ বিজ্ঞানীসকলৰ নিৰলস পৰিশ্ৰমৰ ফল। ইছৰোৰ এই অভাবনীয় সাফল্যত সমগ্র দেশবাসীৰ সৈতে ময়ো গর্বিত। মানৱ সভ্যতাৰ স্বাৰ্থত আমি বিজ্ঞানৰ এনে আৰু বহু দুৱাৰ উন্মোচন কৰি থাকিম। ‘সূৰ্যৰ কাষৰ লাগাৰেঞ্জ পইন্ট বা এল-১ পইণ্টৰ দূৰত্ব পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ। ‘আদিত্য এল-১’-এ বিগত ৪ মাহ ধৰি যাত্রা কৰি এই পথ অতিক্রম কৰিছে ।  লাগাৰেঞ্জ পইণ্টত পূৰ্বৰে পৰা মার্কিন মহাকাশ গবেষণা সংস্থা নাছাৰ চাৰিখন যানে সূৰ্যক পর্যবেক্ষণ কৰি আছে। কিন্তু ভাৰতৰ বাবে এয়া এক গৰ্বৰ কথা এই কাৰণে যে ইয়াৰ পূৰ্বে ভাৰতৰ মহাকাশ গবেষণা সংস্থাই সূৰ্যৰ ইমান ওচৰলৈ সৌৰযান প্ৰেৰণ কৰা নাছিল। সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব ১৫ কোটি কিলোমিটাৰ। তাৰ এক শতাংশ দূৰত্ব অতিক্রম কৰিছে ‘আদিত্য এল-১’- এ । লাগাৰেঞ্জ পইণ্টৰ পৰা সূৰ্যক স্পষ্ট ৰূপত দেখিবলৈ পোৱা যাব। এইক্ষেত্রত কোনো বাধাৰ সৃষ্টি নহ’ব।  যোৱা ২ ছেপ্টেম্বৰত অন্ধ্র প্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ গবেষণা কেন্দ্ৰৰ পৰা সূৰ্যৰ উদ্দেশ্যে প্ৰেৰণ কৰা হৈছিল ‘আদিত্য এল-১’।