Guidance Academy ত বিশ্ব পৰিবেশ দিৱস উৎযাপন

Guidance Academy ত বিশ্ব পৰিবেশ দিৱস উৎযাপন

দেৱাশীষ গোস্বামী, নগাঁও,ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ৪ জুন শণিবাৰে নগাঁৱৰ এখন আগশাৰীৰ বিদ্যালয় ‘Guidance Academy ত প্ৰথম শ্ৰেণীৰ পৰা পৰা পঞ্চম শ্ৰেণীৰ ছাত্র-ছাত্ৰী সমন্বিতে শিক্ষকসকল একগোট হৈ এখনি চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ লগতে বৃক্ষ ৰুপন কাৰ্যসূচী ৰূপায়ন কৰে।বিদ্যালয় খনৰ অধ্যক্ষা বিনা শইকীয়া আৰু অধ্যক্ষ প্ৰয়াগ জ্যোতি শইকীয়া তথা সমূহ শিক্ষক শিক্ষয়িত্ৰী সকলে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত পৰিবেশ সম্পৰ্কে সচেতনতা অনাৰ উদ্দেশ্যে তেওঁলোকৰ সাৰুৱা বক্তব্য দাঙি ধৰে।