গোসাঁই গাওঁ অঙ্গনৱাড়ী কেন্দ্ৰত শিক্ষক দিৱস পালন 

গোসাঁই গাওঁ অঙ্গনৱাড়ী কেন্দ্ৰত শিক্ষক দিৱস পালন 

দেৱাশীষ গোস্বামী, নগাঁও, বাৰ্ত্তাসেৱা-   ৫ চেপ্তেম্বৰ ২০২১ তাৰিখে ১০৮ নং গোসাঁই গাওঁ অঙ্গনৱাড়ী কেন্দ্ৰত গাৱৰ কণমানি তথা অভিভাৱক সকলে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মৰদিনটো পবিত্ৰ শিক্ষক দিৱস ৰূপে পালন কৰে।অনুস্হানৰ আৰম্ভণিতে স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতিৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পন তথা বন্তি প্ৰজ্বলনেৰে উপস্থিত সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।আজিৰ সভাখনি নিয়াৰিকৈ চলাই নিবলৈ কেন্দ্ৰটোৰ অঙ্গনৱাড়ী ওৱৰকাৰ মাজনী দেবী গোস্বামীয়ে গাৱৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীদ্বয় মিনু গোস্বামী আৰু অনিমা বৰঠাকুৰক দায়িত্ব অৰ্পণ কৰে।শিক্ষক দিৱসৰ ওপৰত সংগতি ৰাখি মইনাসকলৰ মাজত এখনি কুইজ প্ৰতিযোগিতা আয়োজন কৰা হয়।আৰ্কষণীয় কুইজ প্ৰতিযোগিতা খনিৰ আঁত ধৰে অধ্যাপিকা তুলুমণি দেৱীয়ে।কনমানি সকলে প্ৰদৰ্শন কৰা যোগ আৰু সৃষ্টিশীল নৃত্যই সভাখনৰ সৌস্তব বৃদ্ধি কৰে।কণমানি সকলে তেওঁলোকৰ সাধ্যনুসাৰে ডক্তৰ ৰাধাকৃষ্ণনৰ ওপৰত বক্তব্য আগবঢ়ায়।সভাত উপস্থিত সকলোৰে বাবে কিছু লঘূ আহাৰৰো ব্যৱস্থা কৰা হয়।তাৰপিছত কুইজৰ বিজয়ী সকলৰ মাজত পুৰষ্কাৰ বিতৰণ কৰা হয়।সভাখনি আতঁধৰা শিক্ষয়িত্ৰীদ্বয় ক্ৰমে মিনু গোস্বামী আৰু অনিমা বৰঠাকুৰে মইনাসকলক উদ্দেশ্যি ৰাধাকৃষ্ণনৰ আৰ্দশেৰে অনুপ্ৰাণিত হৈ জীৱনৰ বাটত আগুৱাই যাবলৈ তেওঁলোকৰ সাৰুৱা বক্তব্য আগবঢ়ায়।সদৌ শেষত অঙ্গনৱাড়ী ওৱৰ্কাৰ মাজনী গোস্বামীয়ে শলাগৰ শৰাই আগবঢ়ায়।