ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকা

ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকা

বাৰ্ত্তাসেৱা- ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগ [SITA] ৰ উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰে স্বাস্থ্যজনিত কাৰণত দায়িত্বৰ পৰা আঁতৰি থাকিব লগা হোৱাত তেখেতে পুনৰ যোগদান নকৰালৈকে তেখেতৰ স্থানত আয়োগৰ উপাধ্যক্ষৰ দায়িত্ব ৰাজ্যপালৰ আদেশ পিডিএছ ৬৮/২০২১/২ তাৰিখ দিশপুৰ, ২ ছেপ্তেম্বৰ, ২০২১ অনুসৰি সহ-উপাধ্যক্ষ ৰমেন ডেকাক অপৰ্ণ কৰা হৈছে৷ অস্থায়ীভাৱে উপাধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ বাবে ৰমেন ডেকাক আয়োগৰ মুখ্য কাৰ্য্যবাহী বিষয়া শ্ৰী মোকেশ চাহু, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰু অন্যান্য শুভাকাংক্ষীকে ধৰি বিভিন্নজনে জনতা ভৱনৰ ডি ব্লকত থকা তেখেতৰ কাৰ্য্যালয়ত আজি শুভেচ্চা জনায়৷