অসমত বিজেপি মিত্রজোঁট চৰকাৰৰ ২০০ দিন সম্পূর্ণ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে শেহতীয়াকৈ ইয়াৰ তৃতীয়টো কাৰ্যকালৰ ২০০ দিন সম্পূৰ্ণ কৰিছে। ২০২৬ চনৰ ১২ মে’ত শপত গ্ৰহণ কৰা এই চৰকাৰখনে ২০২৬ চনৰ ২৮ নৱেম্বৰত ২০০ দিন অতিক্ৰম কৰে। এনডিএ-৩.০ চৰকাৰৰ ২০০ দিন পূৰ্ণ হোৱা এই বিশেষ ক্ষণত সামাজিক মাধ্যমত বিশেষ পোষ্টেৰে ৰাজ্যবাসীক এখন বিকশিত অসম গঢ়াৰ প্রতিশ্রুতি দিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। প্রতিশ্রুতিৰ পৰা পূর্ণতাৰ দিশে অসমত এনডিএ-৩.০ ২০০ দিনত মুখ্যমন্ত্রীয়ে লিখিছে- চাওঁতে চাওঁতে অসমত এনডিএ-৩.০ চৰকাৰে অসমবাসীৰ সেৱাৰ ২০০ দিন সম্পূর্ণ কৰিলে। এই বিশেষ দিনটোত নতুন দিল্লীত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী অনুষ্ঠানৰ প্ৰস্তুতিত ব্যস্ত থাকিবলৈ পোৱাটো এক বিৰল প্রাপ্তি। মুখ্যমন্ত্রীয়ে লিখিছে- আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু ঐতিহাসিক জনমতৰ শক্তিক বুকুত বান্ধি যিদিনা আমি পুনৰ চৰকাৰৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ, সেইদিনাই আমাৰ সম্মুখত এক স্পষ্ট লক্ষ্য আছিল। অসমৰ উন্নয়নৰ যাত্ৰাক অধিক দ্রুত কৰা, প্ৰতিটো পৰিয়ালৰ জীৱনলৈ অহা ইতিবাচক পৰিবৰ্তনক নতুন মাত্ৰা প্ৰদান কৰা আৰু যুৱপ্ৰজন্মৰ বাবে এখন অধিক সম্ভাৱনাপূর্ণ অসম গঢ়ি তোলা। আমাৰ চৰকাৰৰ বাবে উন্নয়ন কেবল আন্তঃগাঁথনি নির্মাণ নহয়। বৰং প্ৰতিগৰাকী নাগৰিকৰ জীৱন মসৃণ কৰি তোলা। মাতৃ-ভগ্নীসকলৰ ভগ্নীসকলৰ আৰ্থিক সুৰক্ষা আৰু স্বাৱলম্বিতা আমাৰ অন্যতম প্রতিশ্রুতি আছিল। অৰুণোদয়-৩.০ৰ জৰিয়তে মহিলাসকলৰ হাতলৈ প্রত্যক্ষভাবে আর্থিক সাহায্য আগবঢ়োৱাৰ লগতে তেওঁলোকক অধিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। মহিলাৰ আৰ্থিক সবলীকৰণৰ জৰিয়তেহে আমি এক শক্তিশালী সমাজ গঢ়িব পাৰিম বুলি বিশ্বাস কৰোঁ। আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সপোনৰ সৈতেও আমি কোনো আপোচ কৰিব নোৱাৰোঁ। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ জৰিয়তে শিক্ষার্থীসকলক উচ্চ শিক্ষাৰ দিশত আগুৱাই যোৱাৰ বাবে আর্থিক সাহায্য আগবঢ়োৱা হৈছে। শিক্ষার্থীসকলক বিভিন্ন ধৰণে সহযোগিতা আগবঢ়োৱাৰ জৰিয়তে তেওঁলোকৰ অধ্যয়নৰ যাত্ৰাক অধিক সহজ কৰি তোলাৰ দিশত আমি কাম কৰিছোঁ। আমাৰ লক্ষ্য এটাই, আর্থিক বাধাই যাতে কোনো শিক্ষার্থীৰ ভৱিষ্যৎ প্ৰভাৱিত কৰিব নোৱাৰে। যুৱপ্ৰজন্মৰ বাবে অসমতে কর্মসংস্থাপনৰ নতুন দিগন্ত মুকলি কৰাটো আমাৰ অন্যতম সংকল্প। চৰকাৰী চাকৰি প্ৰদানৰ সমান্তৰালকৈ জাগীৰোড ছেমিকণ্ডাক্টৰ উদ্যোগৰ উৎপাদন আৰম্ভ হোৱাৰ পৰা ৰঙিয়াৰ প্ৰতিৰক্ষা সামগ্রী নির্মাণ উদ্যোগ, নলবাৰীৰ খাদ্য সংসাধন উদ্যোগ আৰু চাপৰৰ প্রস্তাবিত শক্তি প্রকল্পলৈকে অসমত উদ্যোগৰ এক নতুন পৰিৱেশ গঢ়ি তোলাৰ কাম আগবাঢ়িছে। য’ত নিযুক্তিৰ লগতে উদ্যমিতাৰ নতুন সম্ভাৱনা গঢ় লৈ উঠিছে। যোৰহাট আৰু শিলচৰৰ তথ্যকেন্দ্ৰ স্থাপনৰ পদক্ষেপে ৰাজ্যখনৰ ডিজিটেল অর্থনীতি আৰু প্রযুক্তিগত বিকাশৰ নতুন সম্ভাৱনা মুকলি কৰিব। এডভান্টেজ আছামৰ জৰিয়তে লাভ কৰা বিনিয়োগৰ প্রতিশ্রুতিসমূহক বাস্তব প্রকল্পলৈ ৰূপান্তৰ কৰাৰ কামো অব্যাহত আছে। আমি বিচাৰোঁ, অসমৰ যুৱক-যুৱতীসকলে নিজৰ মাটিতে কর্মসংস্থাপনৰ সুযোগ লাভ কৰক আৰু অসমেই হওক তেওঁলোকৰ সপোন বাস্তৱায়িত কৰা ভূমি। উন্নয়নৰ বাবে শক্তিশালী আন্তঃগাঁথনি অপৰিহাৰ্য। পথ-দলং, স্বাস্থ্য, শিক্ষা, গ্রাম্য আন্তঃগাঁথনি, বিদ্যুৎ আৰু বান প্ৰতিৰোধী ব্যৱস্থাৰ উন্নয়নৰ বাবে আমি নিৰন্তৰ কাম কৰি আহিছোঁ। বাজ্যৰ শক্তি উৎপাদন ক্ষমতা বৃদ্ধি আৰু বিদ্যুৎ খণ্ডৰ লগতে নৱীকৰণযোগ্য শক্তিত বৃহৎ বিনিয়োগৰ পৰিকল্পনাও এই দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ। ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ, পাহাৰৰ পৰা ভৈয়ামলৈ অসমৰ প্ৰতিটো অঞ্চলৰ উন্নয়নৰ বাবে আমি সমান গুরুত্ব দিবলৈ প্রতিশ্রুতিবদ্ধ। শান্তি, সুৰক্ষা আৰু সুস্থিৰতা উন্নয়নৰ আধাৰ। অসমত শান্তি-সম্প্ৰীতিৰ পৰিৱেশ অটুট ৰখাৰ লগতে আইন-শৃংখলা অধিক শক্তিশালী কৰা, অপৰাধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ আৰু অসম আৰক্ষীক আধুনিক প্রশিক্ষণ তথা সা-সুবিধাৰে শক্তিশালী কৰাৰ প্রয়াস অব্যাহত আছে। আমি এনে এখন অসম গঢ়িব বিচাৰোঁ, য’ত প্ৰতিগৰাকী নাগৰিকে নিৰাপদে জীৱন নিৰ্বাহ কৰিব পাৰে আৰু উদ্যোগীয়ে নিশ্চিন্ত মনে বিনিয়োগ কৰিব পাৰে। আমাৰ পৰিচয়, আমাৰ ঐতিহ্য আৰু আমাৰ সংস্কৃতি আমাৰ গৌৰৱ। ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী সামৰণী অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ত মৰ্যাদাৰে উদ্যাপনৰ প্ৰস্তুতিৰ পৰা আৰম্ভ কৰি অসমৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বিভিন্ন পদক্ষেপলৈকে আমি আমাৰ পৰিচয়ক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ। আনহাতে খেল মহাৰণৰ জৰিয়তে ৰাজ্যৰ প্ৰতিভাৱান খেলুৱৈসকলক এখন বৃহৎ মঞ্চ প্ৰদান কৰি ক্ৰীড়াৰ প্ৰতি নতুন প্ৰজন্মৰ আগ্রহ বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হৈছে। এই সকলো পদক্ষেপৰ আঁৰত আছে আপোনালোকৰ আশা আৰু বিশ্বাস। বানপীড়িত পৰিয়ালৰ কাষত থিয় দিয়া, কৃষকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নিশ্চিত কৰা, মহিলাৰ হাতলৈ আর্থিক ক্ষমতা তুলি দিয়া, শিক্ষার্থীক উৎসাহিত কৰা আৰু যুৱক-যুৱতীৰ বাবে কর্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি কৰা, প্ৰতিটো ক্ষেত্ৰতে আমি মানুহৰ জীৱনত প্ৰকৃত পৰিৱৰ্তন আনিব বিচাৰিছোঁ। মই জানো এতিয়াও বহু কাম বাকী আছে। কিন্তু আপোনালোকৰ সহযোগিতা আৰু আশীর্বাদেৰে আমি প্ৰতিটো লক্ষ্যৰ দিশে দৃঢ়তাৰে আগবাঢ়িম। মোৰ বাবে এই দুশ দিন কোনো মাপকাঠী নহয়, বৰং এক বৃহত্তৰ যাত্ৰাৰ আৰম্ভণিহে। আহক আমি সকলোৱে মিলি এনে এখন অসম গঢ়োঁ, য’ত প্রতিটো শিশুৰ সপোনে ডেউকা মেলে, প্ৰতিগৰাকী মহিলাই আত্মবিশ্বাসেৰে আগবাঢ়ে, প্রতিজন যুৱকে নিজৰ মাটিতে ভৱিষ্যৎ বিচাৰি পায় আৰু প্ৰতিগৰাকী অসমবাসীয়ে ৰাজ্যখনৰ প্ৰগতিক লৈ গৌৰৱ কৰিব পাৰে। আপোনালোকৰ বিশ্বাসেই আমাৰ শক্তি। আপোনালোকৰ সেৱাই আমাৰ সংকল্প।
