গুজৰাটত গ্ৰেপ্তাৰ জইছ-ঈ-মহম্মদৰে সম্পৰ্কিত অসমৰ ছাহাৰুল ইছলাম
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় বায়ুসেনাৰ ঘাটিত আক্ৰমণৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত অসমৰ কৰিমগঞ্জৰ ২২ বছৰীয়া এজন যুৱকক মাৰণাস্ত্ৰ আৰু গোলা-বাৰুদসহ গ্ৰেপ্তাৰ কৰিছে গুজৰাট এটিএছে। ধৃত যুৱকজনৰ নাম মহম্মদ চাহাৰুল ইছলাম কবিৰুদ্দিন। । ধৃত ২২বছৰীয়া মহম্মদ ছাহাৰুল ইছলাম কবিৰুদ্দিন অসমৰ শ্ৰীভূমি জিলাৰ ৰাটাবাৰী থানাৰ অন্তৰ্গত পূর্ব টংগীবাৰী গাঁৱৰ বাসিন্দা।নিষিদ্ধ সন্ত্রাসবাদী সংগঠন জইছ-ই-মহম্মদৰ সৈতে তেওঁৰ সম্পৰ্ক থকাৰ সন্দেহ প্রকাশ কৰিছে তদন্তকাৰী সংস্থাই। বদোদৰাৰ ভাৰতীয় বায়ুসেনাৰ ঘাটিৰ প্ৰৱেশদ্বাৰত আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগ উঠিছে ধৃত যুৱকজনৰ বিৰুদ্ধে। তেওঁৰ ম’বাইল ফোনত বায়ুসেনাৰ ঘাটিৰ ছবি উদ্ধাৰ হোৱাৰ কথাও প্রকাশ কৰিছে এটিএছে। এটিএছৰ উপ-মহাপৰিদৰ্শক সুনীল যোশীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি এ কে ৪৭ৰ দৰে এটা স্বয়ংক্রিয় এছাল্ট ৰাইফলেৰে কবিৰুদ্দিনে কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল। ইতিমধ্যে অভিযানকালত এটিএছ-এ সন্ত্রাসবাদীজনৰ জিম্মাৰ পৰা ২৩টা সক্রিয় গুলী আৰু দুটা খালী মেগঞ্জিনসহ মাৰণাস্ত্ৰটো জব্দ কৰিবলৈ সক্ষম হৈছে। একে সময়তে এটিএছ-এ উদ্ধাৰ কৰিছে জইছ-ই-মহম্মদৰ পতাকা, দুটা ম’বাইল ফোন আৰু প্ৰায় ২০ হাজাৰ নগট টকা। এটিএছৰ তথ্য অনুসৰি উপ-আৰক্ষী অধীক্ষক হর্ষ উপাধ্যায়ে জইছ-ই-মহম্মদৰ সৈতে যোগসূত্ৰ থকা বহিঃৰাজ্যৰ এজন যুৱকে বডোদৰাত প্ৰৱেশ কৰাৰ লগতে সন্ত্রাসবাদী সংগঠনটোৰ এজন হেণ্ডেলাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি কূটাঘাতৰ পৰিকল্পনা ৰচাৰ গোপন সূত্রে খবৰ লাভ কৰে। যুৱকজনে এটা স্বয়ংক্রিয় এছাল্ট ৰাইফল ব্যৱহাৰ কৰি এক গুৰুত্বপূৰ্ণ স্থানক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পৰিকল্পনা কৰিছে। যোৱা ২৩ নৱেম্বৰত এই তথ্য লাভ কৰাৰ পাছতে গুজৰাট আৰক্ষীয়ে ঊর্ধ্বতন কর্তৃপক্ষৰ নিৰ্দেশত আৰক্ষী অধীক্ষক কে সিদ্ধার্থ আৰু কে কে পেটেলৰ তত্বাৱধানত তথা উপ আৰক্ষী অধীক্ষক হর্ষ উপাধ্যায়ৰ নেতৃত্বত এটিএছৰ এটা বিশেষ দল গঠন কৰা হয়। দলটোৱে প্রযুক্তিগত নজৰদাৰীৰ সমান্তৰালভাৱে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সমগ্ৰ বিষয়টো নিশ্চিত কৰে। অনুসন্ধানকালত এটিএছে বডোদৰাৰ ছায়াজীগঞ্জ ৰে’লৱে ষ্টেচনৰ সমীপত অৱস্থিত হোটেল মিলনত অভিযান চলায়। তেতিয়া এজন সন্দেহজনক যুৱকে চেকআউট নকৰাকৈ পুৱা প্রায় ৯ বজাত হোটেলখনৰ পৰা ওলাই যোৱাৰ তথ্য লাভ কৰে। হোটেল কর্তৃপক্ষৰ পৰা প্ৰাপ্ত প্রাথমিক তথ্যৰ ভিত্তিত যুৱকজনক কবিৰুদ্দিন বুলি নিশ্চিত কৰে। পৰৱৰ্তী সময়ত যুৱকজনে এখন গাড়ীৰে দাহোদৰ পৰা বডোদৰা অভিমুখে ৰাওনা হোৱাৰ কথা জানিব পাৰে এটিএছ-এ। লগে লগে এটিএছৰ এটি দলে দাহোদ-বডোদৰা পথৰ গ’ল্ডেন চোকডিৰ ওচৰত বেৰিকেড স্থাপন কৰি যান-বাহনত তালাচী চলায়। ইয়াৰ মাজতে এটিএছ-এ পালদি বাছষ্টেণ্ডৰ ওচৰত এজন সন্দেহজনক যুৱকক দেখা পাই আটক কৰে। আটকাধীন যুৱকজনৰ ম’বাইল ফোন প্রাথমিক পর্যায়ত পৰীক্ষা কৰিয়েই পাকিস্তানৰ মদতপুষ্ট সন্ত্রাসবাদী সংগঠন জইছ-ই-মহম্মদৰ সৈতে যোগসূত্ৰ থকাৰ কেতবোৰ ইংগিত লাভ কৰে এটিএছ-এ। আনকি যুৱকজনৰ হোৱাটছএপ ছাট এনে কেতবোৰ ফটো উদ্ধাৰ হয় য’ত বডোদৰাস্থিত বায়ু সেনাবাহিনীৰ ষ্টেচন আৰু অন্য কেতবোৰ গুৰুত্বপূৰ্ণ স্থানৰ প্ৰৱেশদ্বাৰৰ ওপৰত ৰঙা ৰঙৰ ক্ৰছ চিন দিয়া আছিল। ইয়াৰ পৰাই আটকাধীন যুৱকজনে এই স্থানসমূহক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছিল বুলি এটিএছ-এ ধাৰণা কৰিছে। পৰৱৰ্তী সময়ত ডিজিটেল তথ্য পৰীক্ষা পৰীক্ষা কৰি বডোদৰা বায়ু সেনাবাহিনীৰ ষ্টেচনৰ ভিডিঅ’, গুগল মেপৰ স্ক্রীনশ্বট, বিভিন্ন ৱেবলিংক, অডিঅ’-ভিডিঅ’ ক্লিপ, হোৱাছ এপ চেনেল আৰু এ কে ৪৭ৰ দৰে স্বয়ংক্রিয় এছাল্ট ৰাইফল চলোৱাৰ নিৰ্দেশনামূলক ভিডিঅ’ও ধৃত যুৱকজনৰ ম’বাইল ফোনত পোৱা গৈছে। এটিএছ-এ ধৃত যুৱকজন অসমৰ শ্ৰীভূমি জিলাৰ ৰাটাবাৰী থানাৰ অন্তৰ্গত পূর্বটংগীবাৰী গাঁৱৰ কবিৰুদ্দিন বুলি নিশ্চিত হয়। লাভ কৰা তথ্যৰ ওপৰত নিৰ্ভৰ কৰি ধৃত কবিৰুদ্দিনে পাকিস্তানত বাহৰ পাতি থকা মুষ্টি ৰফিক ওৰফে ইবন আব্দুল্লা নামৰ এজন ব্যক্তিৰ সৈতে যোগাযোগ ৰক্ষা কৰি আক্ৰমণৰ সমগ্ৰ পৰিকল্পনা কৰাৰ সন্দেহ কৰিছে এটিএছ-এ। ইতিমধ্যে জেৰাকালত নতুন ম’বাইল ফোন ক্ৰয় তথা আক্ৰমণৰ ব্লুপ্রিন্ট কাৰ্যকৰী কৰাৰ বাবে ৫০ হাজাৰ টকা দিয়াৰ কথা কবিৰুদ্দিনে স্বীকাৰ কৰিছে। ইতিমধ্যে ধৃত কবিৰুদ্দিনৰ বিৰুদ্ধে এটিএছৰ থানাত বে-আইনী কার্যকলাপ (প্ৰতিৰোধ) আইনৰ ১৮,২০,২৩ (১), ৩৮; ভাৰতীয় ন্যায় সংহিতাৰ ৬১,১৪৮, ১৪৯ আৰু অস্ত্ৰ আইনৰ ২৫ (১-এএ) ধাৰাৰ অধীনত ৮/২০২৬ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে সমগ্র বিষয়টো সন্দর্ভত আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে এটিএছ-এ।
