প্ৰতিধ্বনি
এছ ইছলাম, শিক্ষক
পশ্চিম মইনবৰী,বৰপেটা
জীৱনৰ পাতনিত
তোমাৰ আগমনত
সুখী হৈছিলোঁ মই,
তোমাৰ সান্নিধ্যত
সোণত সোৱাগা চৰিছিল
মোৰ সুখৰ সংসাৰত।
মোৰ ফুলাম বাগিচাত
ফুলিছিল একোপাহি
নানা ৰংবিৰঙৰ ফুল,
এমুঠি শীতল পছোৱা বতাহে
লাগিল সিহঁতৰ মাজত
মহাগোণ্ডগল।
প্ৰৱল বতাহে বিকট শব্দ কৰি
লৈ গ’ল মোৰ বাগিচাৰ সুবাস
প্ৰতিধ্বনি হ’ল মোৰ অন্তৰত
আজিও বাজিছে ক্ষণে ক্ষণে
সেই প্ৰতিধ্বনিবোৰ
মোৰ অন্তৰ গহ্বৰত।
